১৪ জুন ২০২৪
TV9 Assam
সাম্প্ৰতিক জীৱন শৈলীত ফাষ্ট ফুড মানুহৰ জীৱনৰ অংগ হৈ পৰিছে। শিশুৰ পৰা বয়োজ্যেষ্ঠ, সকলোৰে জিভাৰ প্ৰিয় স্বাদ হৈ পৰিছে ফাষ্ট ফুড।
ফাষ্ট ফুডে ব্যক্তিৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাতো প্ৰভাৱ পেলায়।
অত্যধিক ফাষ্ট ফুড গ্ৰহণ কৰিলে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় বুলিও জানিব পৰা গৈছে।
ফাষ্ট ফুডৰ বাবে অন্ত্ৰৰ কৰ্কট ৰোগৰ আশংকা থাকে।
চিকিৎসকে কয় যে ফাষ্টফুডত ছডিয়াম আৰু চেনিৰ পৰিমাণ সাধাৰণ খাদ্যতকৈ বেছি। আনহাতে খনিজ পদাৰ্থ, প্ৰটিন আৰু আঁহ কম।
দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অজয় কুমাৰে কয় যে ফাষ্ট ফুডত বহু ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। যাৰ ফলত শৰীৰত ভাল বেক্টেৰিয়াৰ প্ৰভাৱ কমি যায়।
চাবলৈ ক্লিক কৰক