3 July 2024
TV9ASSAM
কোৱা হয় যে, জগন্নাথৰ যাত্ৰাত অংশগ্ৰহণ কৰিলে পাপৰ পৰা মুক্তি পোৱা যায়। জগন্নাথে ভক্তসকলক আৰ্শীবাদ দিয়ে । ৰথৰ ৰছী টানি বা ৰছী স্পৰ্শ কৰিলে জীৱনৰ দুখ-কষ্ট আঁতৰ হয় ।
এই ৰথ যাত্ৰাৰ সাত দিনৰ পাছত জগন্নাথদেৱ মাহীয়েকৰ ঘৰ গুণ্ডিচা মন্দিৰৰ পৰা পুৰিৰ মূল মন্দিৰলৈ উভতি আহে । কিন্তু এই ৰথযাত্ৰা উৎসৱৰ পাছত ৰথখন কি কৰা হয় ?
এই উৎসৱৰ বিশ্বাস অনুসৰি, ভগৱান জগন্নাথ, তেওঁৰ ভগ্নী সুভদ্ৰা আৰু ভাতৃ বলভদ্ৰ তিনিখন ৰথত উঠি পেহীৰ ঘৰলৈ যায় ।
পৰম্পৰা অনুসৰি, হালধীয়া, সেউজীয়া আৰু নীলা ৰঙৰ ৰথ তৈয়াৰ কৰা হয় । প্ৰতিখন ৰথ নিমৰ কাঠেৰে তৈয়াৰ কৰা হয়।
ৰথ নিৰ্মাণত ব্যৱহৃত কাঠ পুৰি,দস্পল্লা আৰু ৰাণাপুৰৰ সমীপৰ বনাঞ্চলৰ পৰা আহৰণ কৰা হয়। প্ৰতি বছৰে ৰথৰ বাবে কটা গছতকৈ দুগুণ গছ ৰোপণ কৰা হয়।
ৰথ যাত্ৰাৰ শেষত জগন্নাথ মন্দিৰৰ পাকঘৰত ৰথৰ কাঠৰ জুইত মহাপ্ৰসাদ প্ৰস্তুত কৰা হয়। একেলগে তিনিটা ৰথ চকা ভক্তসকলৰ মাজত ধনৰ বিনিময়ত বিতৰণ কৰা হয় ।
পঢ়িবলৈ ক্লিক কৰক