কাতি মাহত তুলসী পূজাৰ সময়ত নকৰিব এই ভুল!  

১৭ অক্টোবৰ ২০২৪

 TV9 ASSAM

হিন্দু ধৰ্মত তুলসীৰ পূজা কৰাৰ বিশেষ মহত্ব আছে।  কাতি মাহত তুলসীৰ পূজা কৰাটো শুভ বুলি কোৱা হয়।

তুলসী পুজা

কোনো কোনো ঠাইত কাতি মাহত তুলসীৰ বিবাহ সম্পন্ন কৰাৰ পৰম্পৰাও আছে। বিশ্বাস কৰা হয় যে এই মাহত তুলসীৰ বিবাহ সম্পন্ন কৰিলে তুলসীৰ লগতে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে।

তুলসী বিবাহ

কাতি মাহ প্ৰতিদিনে ৰাতিপুৱা তুলসী গছত পানী দিব লাগে। দেওবাৰে তুলসীত পানী নিদিব।

তুলসী পূজাৰ নিয়ম

 তুলসীত দিয়া পানীত ক'লা তিল মিহলি কৰিও আগবঢ়াব পাৰে, এনে কৰাটো অতি শুভ বুলি কোৱা হয়।

ক'লা তিল

বিশ্বাস অনুসৰি সূৰ্যাস্তৰ পাছত তুলসীৰ তলত ঘিউৰ চাকি জ্বলালে ঘৰত সুখ-শান্তিৰ বাস হয়।

 চাকি জ্বলাওক

কাতি মাহৰ শুক্ল পক্ষৰ একাদশীৰ দিনা তুলসীক বিয়া কৰাই দিয়াৰ পৰম্পৰা আছে। এই দিনটোত তুলসীক নতুন কাপোৰ আৰু বিবাহৰ সামগ্ৰী আগবঢ়াব লাগে।

নতুন পোছাক

তুলসীক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। গতিকে গা নোধোৱাকৈ  তুলসী গছ স্পৰ্শ নকৰিব।  গা ধোৱাৰ পাছতো তুলসী স্পৰ্শ কৰাৰ আগতে হাত-ভৰি ধুই ল'ব।

শুদ্ধতা

নন্দী কাৰ সন্তান?

চাবলৈ ক্লিক কৰক