কাতি বিহুত আকাশ বন্তি জ্বলালে কি হয়?

১৬ অক্টোবৰ, ২০২৪

আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়।  কাতি বিহু অসমৰ জাতীয় উৎসৱ। বিহুৰ সৈতে আমাৰ জাতীয় জীৱনৰ কৃষ্টি সংস্কৃতি জড়িত হৈ থাকে।

কাতি বিহু

 কাতি বিহু কৃষিভিত্তিক উৎসৱ। এই বিহুৰ দিনা সন্ধিয়া ধাননি পথাৰত খেতিয়কসকলে ওখকৈ বাঁহৰ জোং পুতি চাকি দিয়ে আৰু বহু আকাশ বন্তি জ্বলায়।

কৃষিভিত্তিক উৎসৱ

কাতি বিহুত আকাশ বন্তি জ্বল্লালে তাৰ পোহৰত ঘৰখনৰ পূৰ্বপুৰুষসকলৰ আত্মা সৰগলৈ যাত্ৰা কৰে আৰু আত্মীয়ই সুখ- শান্তিত দিন কটাই বুলি বিশ্বাস কৰে।

লোক বিশ্বাস

বিজ্ঞানসন্মত কাৰণ - এই সময়ত খেতিপথাৰত কীট- পতংগ হয়। খেতিডৰাক কীট- পতংগৰ পৰা ৰক্ষা কৰিবলৈ আকাশবন্তি জ্বলোৱা হয়। যাতে আকাশবন্তিৰ পোহৰত পোকবোৰ ওপৰলৈ যায়।

কাৰণ

কাতি বিহুৰ দিনা সকলোৱে ঘৰত তুলসী ৰুই চাকি জ্বলায়। অসমীয়াই অনুষ্টুপীয়াকৈ এই বিহু পালন কৰে। কিয়নো এই বিহুৰ সময়ত ভৰাল উদং হৈ থাকে।

তুলসী ৰুৱে

চলিত বৰ্ষত কাতি বিহু ১৬ অক্টোবৰত পালন কৰা হ'ব।বছৰ বছৰ ধৰি অসমীয়াই এই বিহু পালন কৰি আহিছে। ঠাই ভেদে এই বিহু পালন কৰাৰ নিয়ম বেলেগ বেলেগ।

কাতি বিহু

কাতি বিহুৰ দিনা বিভিন্ন গছৰ তলত শৰাই দিয়া হয় আৰু সৰু ল'ৰা- ছোৱালীয়ে এই প্ৰসাদ চুৰি কৰি খোৱাৰ পৰম্পৰা আছে।নামনি অসমৰ প্ৰায়ভাগ অঞ্চলত এই পৰম্পৰা দেখিবলৈ পোৱা যায়।

প্ৰসাদ চুৰি

পঢ়িবলৈ ক্লিক কৰক 

শাৰদ পূৰ্ণিমা