কাতি মাহত ভুলতো নকৰিব এই কাম...

১৭ অক্টোবৰ, ২০২৪

হিন্দু ধৰ্মত কাতি মাহৰ বিশেষ মহত্ব আছে। বিশ্বাস অনুসৰি এই মাহত ভগৱান বিষ্ণু দীৰ্ঘ সময়ৰ টোপনিৰ পাছত সাৰ পায়। এই মাহত ভগৱান বিষ্ণু আৰু লক্ষ্মীক পূজা কৰিলে ভাল ফল পোৱা যায়।

কাতি মাহ

আজি কাতি বিহু। আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা এই বিহু পালন কৰা হয়। ১৮ অক্টোবৰৰ পৰা আৰম্ভ হ'ব কাতি মাহ। এই মাহত কিছুমান নিয়ম মানি চলা ভাল আৰু কিছুমান বেয়া।

আজি কাতি বিহু

কাতি মাহত দৰিদ্ৰলোকক দান কৰিব লাগে। এনে কৰিলে চন্দ্ৰদোষ দূৰ হয় বুলি কোৱা হয় আৰু শুভ ফল পোৱা যায়।

দান

কাতি মাহত চাকি দান কৰিব লাগে। কোনো নদী,পুখুৰী আদিত ঘিউৰ চাকি জ্বলাই দিব লাগে।

চাকি

কাতি মাহত তুলসী পূজা কৰিব লাগে। অসমীয়া সমাজত কাতি বিহুত তুলসী ৰোৱা হয় আৰু এই মাহটোক তুলসী গছৰ তলত চাকি জ্বলোৱা হয়।

তুলসী পূজা

কাতি মাহত শৰীৰত তেল দিব নালাগে। এনে কৰাতো অত্যন্ত অশুভ বুলি ধৰা হয়।

তেল

কাতি মাহত ভুলতো ৰহৰ, মগু, মচুৰ, মটল আদি খাব নালাগে। এই মাহত মাছ আৰু সুৰা সেৱন কৰাও অত্যন্ত বেয়া। এই মাহত শ্ৰী হৰি জলত থাকে বাবে মাছ খাব নালাগে।

নাখাব

কাতি মাহত বেঙেনা, মাখন, তিতা, দৈ, জিৰা, বীন আৰু দালি খাব নালাগে।

নাখাব

পঢ়িবলৈ ক্লিক কৰক

মহাভাৰতৰ ১১ যোদ্ধা