TV9 ASSAM
আমি পুৱা বা নিশা দাঁত ব্ৰাছ কৰাৰ সময়ত দাঁত আৰু দাঁতৰ আলু যাতে সুস্থ হৈ থাকে, তাৰ বাবে কেইবাটাও কথাত বিশেষ গুৰুত্ব দিয়া উচিত।
দাঁত ব্ৰাছ কৰাৰ সময়ত সঠিক টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে। ফ্ল’ৰাইডযুক্ত টুথপেষ্ট ব্যৱহাৰ কৰাটো সকলোৰে বাবে ভাল। ই দাঁতৰ ক্ষয় ৰোধ কৰে।
অধিক সময় দাঁত ব্ৰাছ কৰা উচিত নহয়। কমেও ২ মিনিটৰ বাবে দাঁত ব্ৰাছ কৰিব লাগে। দিনটোত ব্ৰাছ কৰাৰ ক্ষেত্ৰত সঠিক অভ্যাসৰো প্ৰয়োজন।
দিনটোত দুবাৰকৈ ব্ৰাছ কৰিব লাগে। পুৱা শুই উঠাৰ পিছত আৰু নিশা শুবলৈ যোৱাৰ সময়ত দাঁত ব্ৰাছ কৰাৰ অভ্যাসে দাঁত আৰু আলু সুস্থ কৰি ৰাখে।
দাঁত ব্ৰাছৰ ক্ষেত্ৰত সঠিক টুথব্ৰাছ ল’ব লাগে। বহুলোকে টুথব্ৰাছ লওঁতে কোমল ব্ৰিষ্টলযুক্ত টুথব্ৰাছ কিনিছে নে নাই সেই বিষয়ত গুৰুত্ব নিদিয়ে।
সদায় কোমল ব্ৰিষ্টলযুক্ত টুথব্ৰাছ ব্যৱহাৰ কৰিব লাগে। কঠিন ব্ৰিষ্টলযুক্ত ব্ৰাছ ব্যৱহাৰ কৰিলে দাঁতৰ ইনামেলৰ লগতে আলুৰ ক্ষতি হ’ব পাৰে।
সাধাৰণতে ৩-৪ মাহৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিব লাগে। অথবা ব্ৰাছৰ গুৰিবোৰ নষ্ট হ’লে তৎক্ষণাত সলনি কৰিব লাগে।
পঢ়িবলৈ ক্লিক কৰক
মুখৰ কৰ্কট ৰোগৰ প্ৰধান লক্ষণসমূহ