TV9 ASSAM
পকা অমিতা খাবলৈ সুস্বাদু। ইয়াৰোপৰি পকা অমিতাত প্ৰটিন, ভিটামিন চি,এ, বি৯, বি১, বি৫, ভিটামিন ই, কে, মেগনেছিয়াম, পটেছিয়াম আদি থাকে।
প্ৰতিদিনে পুৱা অমিতা খোৱা দেহৰ বাবে ভাল। ইয়াৰ ফলত শৰীৰত কি কি উপকাৰ হয়, আহক ইয়াৰ বিষয়ে জানো...
যিসকল লোকৰ কৌষ্ঠকাঠিন্য সমস্যা আছে তেনে লোকসকলে পুৱা খালী পেটত অমিতা খাব লাগে। এনেদৰে খোৱাৰ কেইদিনমান পাছতেই সমস্যা বহু পৰিমাণে ভাল হ'ব।
অমিতাত প্ৰটিন আৰু ফাইবাৰ থাকে। যাৰ ফলত ওজন বৃদ্ধি হোৱা লোকসকলৰ বাবে ই উপকাৰী। প্ৰতিদিনে পুৱা অমিতা খালে ওজন কম হোৱাত সহায় কৰে।
অমিতা ছালৰ বাবেও উপকাৰী। প্ৰতিদিনে খালী পেটত অমিতা খালে ছালৰ সৌন্দৰ্য বৃদ্ধি হয় আৰু শালমইনা আদিৰ দৰে সমস্যাৰ পৰা বহু পৰিমাণে পৰিত্ৰাণ পোৱা যায়।
প্ৰতিদিনে পুৱা খালী পেটত অমিতা খালে চকু ভাল থাকে। অমিতাত ভিটামিট ই থাকে, যাৰ ফলত ই চকুৰ দৃষ্টিশক্তিৰ বাবে অত্যন্ত ভাল।
উশাহৰ সমস্যা, বৃক্কৰ সমস্যা, গৰ্ভৱতী বা কোনো ঔষধ সেৱন কৰি থকা লোকসকলে খালী পেটত অমিতা খাব নালাগে। ইয়াৰ ফলত অপকাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে।
পঢ়িবলৈ ক্লিক কৰক