ৰবাব টেঙাৰ  উপকাৰী গুণৰ বিষয়ে জানক

21 Nov 2024

TV9 ASSAM

শীতৰ সময়ত প্ৰায় সকলো লোকেই ৰবাব টেঙাৰ জুতি লোৱা দেখা যায়। ৰ’দত বহি ৰবাব টেঙা খোৱাৰ আমেজেই সূকীয়া।

ৰবাব টেঙা

 ৰবাব টেঙা টেঙা সমগ্ৰ অসমতে উৎপন্ন হয়৷ ৰবাব টেঙা ঋতুজনিত ফল৷ শীতকালত এই ফল খাব পৰা হয়৷

শীতকালৰ ফল

ৰবাব টেঙা দুই প্ৰকাৰৰ৷ এবিধৰ জিম ৰঙা আৰু আনবিধৰ বগা৷ দুয়োবিধৰে স্বাদ মিঠা৷ Pummelo আৰু Grapefruit দুয়োবিধক ৰবাব টেঙা বুলি কোৱা হয়৷

প্ৰকাৰ

ৰবাব টেঙা খোৱাৰ সোৱাদ যেনেদৰে মজা, ঠিক তেনেদৰে ৰবাব টেঙা খালে আমাৰ শৰীৰৰ বাবেও যথেষ্ট উপকাৰী হয়।

উপকাৰিতা

ৰবাব টেঙাত ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বতৰ সলনি হোৱাৰ সময়ত হোৱা কাহ, জ্বৰ, এলাৰ্জিজনিত সমস্যাৰ পৰাই বচাই ৰাখে।

ভিটামিন চি

ৰবাব টেঙাই হজম শক্তি বৃদ্ধি কৰে আৰু ভোক বঢ়ায় লগতে পেট খোলোচা কৰে

হজম

চুলিৰ সৌন্দৰ্যবৰ্ধনত ৰবাব টেঙা উপকাৰী । ভিটামিন এ, ভিটামিন বি কমপেহ্লক্স , ভিটামিন চি, জিংক আদি থকাৰ বাবে চুলিৰ বাবে ভাল । উফিৰ সমস্যাও কম কৰাত সহায় কৰে

চুলি

উচ্চ ৰক্তচাপ, কলেষ্টৰেল আৰু মেদবহুলতাৰ সমস্যা থকা সকলৰ বাবে ৰবাব টেঙা উপকাৰী। ৰবাব টেঙাই ষ্ট্ৰ’ক, হাৰ্ট এটেক আদিৰ পৰাও ৰক্ষা কৰে।

ৰক্তচাপ, মেদবহুলতা

পঢ়িবলৈ ক্লিক কৰক 

ঊণৰ কাপোৰৰ এলাৰ্জি