TV9 ASSAM
জ্যোতিষ শাস্ত্ৰ অনুসৰি গ্ৰহৰ স্থিতি আৰু ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱে ব্যক্তিৰ জীৱনত প্ৰভাৱিত কৰে। পূৰ্ণিমাৰ দিনা চন্দ্ৰ পৃথিৱীৰ ওচৰত থাকে, গতিকে ইয়াৰ প্ৰভাৱ প্ৰতি ৰাশিৰ ওপৰত পৰে।
বছৰৰ শেষৰটো পূৰ্ণিমা জ্যোতিষ শাস্ত্ৰত বহুত গুৰুত্বপূৰ্ণ বুলি কোৱা হয়। এই দিনটোত চন্দ্ৰৰ প্ৰভাৱ বহু ৰাশিৰ ওপৰত পৰে। এইবাৰ পূৰ্ণিমাৰ ভাল প্ৰভাৱ ৪ ৰাশিৰ ওপৰত পৰিব।
বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে বছৰৰ শেষৰ পূৰ্ণিমাটো বহুত ভাল। এইসকলৰ আৰ্থিকস্থিতি ভাল হোৱাৰ লগতে কাৰোবাক দিয়া পইচা ঘূৰাই পাব। নতুন আয়ৰ বিকল্প লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত পদোন্নতি আৰু ব্যৱসায়ত লাভ হ'ব পাৰে।
কৰ্কট ৰাশিৰ লোকৰ ধন প্ৰাপ্তিৰ যোগ আছে। পৰিয়ালত সুখ শান্তি থাকিব লগতে সম্পত্তিৰ লগত জড়িত দিশত সফলতা লাভ কৰিব। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে।
কন্যা ৰাশিৰ লোকৰ বিশেষ লাভ হোৱাৰ সম্ভাৱনা। কেৰিয়াৰত উন্নতি হোৱাৰ লগতে ধনৰ সমস্যা শেষ হ'ব। যদি নতুন কাম আৰম্ভ কৰিব বিচাৰিছে তেন্তে এয়া ভাল সময়।
মকৰ ৰাশিৰ লোকৰ আৰ্থিক লাভৰ লগতে নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে। চাকৰিত মানুহে পদোন্নতি লাভ কৰাৰ লগতে ব্যৱসায়ত সফলতা লাভ কৰিব।
বছৰৰ শেষৰ পূৰ্ণিমা ২০২৪, ১৫ ডিচেম্বৰত। এই দিনটোত ভগৱান বিষ্ণু আৰু চন্দ্ৰমাৰ পূজা কৰিব লাগে। চন্দ্ৰমাক পানী, গাখীৰ অৰ্পন কৰিব লাগে। দৰিদ্ৰক বস্ত্ৰ বা খাদ্য দান কৰা ভাল।
পঢ়িবলৈ ক্লিক কৰক