TV9 ASSAM
প্ৰায়ে মানুহে নিজৰ ঘৰখন বেয়া দৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ ঘৰৰ বাহিৰত বা দোকানৰ বাহিৰত নেমু আৰু জলকীয়া ওলোমাই থয়।
কোনো কোনোৱে বজাৰৰ পৰা জলকীয়া আৰু নেমু ক্ৰয় কৰি একেলগে ৰাখে। কিন্তু নেমু-জলকীয়া একেলগে ৰাখিব নালাগে বুলি জানেনে?
ঘৰৰ ভিতৰত নেমু আৰু জলকীয়া একেলগে ৰখাটো অশুভ বুলি গণ্য কৰা হয়, সেই কথা অতি কম সংখ্যক লোকেহে জানে।
বিশ্বাস অনুসৰি ঘৰত নেমু আৰু জলকীয়া একেলগে ৰাখিলে দৰিদ্ৰতাৰ সৃষ্টি হয় আৰু অলক্ষ্মী ঘৰত প্ৰৱেশ কৰে।
দৰিদ্ৰতা দেৱীয়ে টেঙা আৰু জ্বলা ভাল পায়। গতিকে য'তেই নেমু আৰু জলকীয়া একেলগে ৰখা হয় তাতেই দৰিদ্ৰতাৰ দেৱী প্ৰৱেশ কৰে।
একে সময়তে দৰিদ্ৰতা আৰু অলক্ষ্মী বাস কৰা ঘৰত সদায় অশান্তি আৰু বিপদ থাকে। ঘৰত কেতিয়াও নহয় সুখ-সমৃদ্ধি।
এনে কাৰণতে নেমু আৰু জলকীয়া একেলগে ৰাখিব নালাগে। নেমু আৰু জলকীয়া ফ্ৰীজত থোৱাৰ সময়তো বেলেগ বেলেগ ঠাইত ৰাখিব লাগে।
পঢ়িবলৈ ক্লিক কৰক
ক’ত আছে অৰ্জুনৰ মহাভাৰত বিজয়ী ঐশ্বৰিক গাণ্ডীৱ ধনু!