ক'লা চুলিৰ বাবে সৰিয়হৰ তেলৰ সৈতে মিহলি কৰক এই সামগ্ৰী

23 December, 2024 

TV9 ASSAM

সৰিয়হ তেলত ভিটামিন এ আৰু বি কমপ্লেক্স, প্ৰটিন, অমেগা ৩ ফেটী এচিডৰ দৰে বিভিন্ন পুষ্টিকৰ উপাদা থাকে। খোৱাৰ লগতে সৰিয়হ তেল চুলিত ব্যৱহাৰ কৰা ভাল।

সৰিয়হ তেল

চুলি ঘন আৰু ক'লা কৰিবলৈ সৰিয়হ তেল ব্যৱহাৰ কৰিব পাৰে। চুলি ধোৱাৰ আগতে সৰিয়হ তেলৰ সৈতে কিছুমান সামগ্ৰী মিহলি কৰিলে ভাল পোৱা যায়।

ঘন চুলি

সৰিয়হ তেলত নৰসিংহ পাত কেইটামান দি গৰম কৰক। তেলখিনি ঠাণ্ডা হোৱাৰ পাছত পানীখিনি উলিয়াই লৈ চুলিত গুড়িত মালিচ কৰক। সপ্তাহত ১ বাৰ বা দুবাৰ এনেকৈ ব্যৱহাৰ কৰিব পাৰে।

নৰসিংহ পাত

তেলত মেথী গুটি মিহলাই গৰম কৰি লওক। ঠাণ্ডা হোৱাৰ পাছত ইয়াৰ পানী খিনি উলিয়াই মূৰত লগাব লাগে। ই চুলি সৰা বন্ধ কৰাৰ লগতে চুলি কোমল কৰাত সহায় কৰে।

মেথী

আমলখি কাটি সৰিয়হ তেলত দি গৰম কৰক। ঠাণ্ডা হোৱাৰ পাছত পানী খিনি উলিয়াই লৈ চুলিত ব্যৱহাৰ কৰত। এই মিশ্ৰণ ব্যৱহাৰ কৰিছে চুলি কোমল আৰু ধুনীয়া হয়।

আমলখি

সৰিয়হ তেল গৰম কৰি নাইজেলা বীজ দিব লাগে। ঠাণ্ডা হোৱাৰ পাছত ইয়াক চুলিত ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে অধিক জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

নাইজেলা বীজ

সৰিয়হ তেলত পিয়াজৰ বাকলি দি গৰম কৰি লওক। ঠাণ্ডা হোৱাৰ পাছত ইয়াৰ পানীখিনি চুলিত ব্যৱহাৰ কৰক। এই মিশ্ৰণেৰে চুলি মালিচ কৰিলে চুলি ঘন, মজবুত হয়।

পিয়াজ

পঢ়িবলৈ ক্লিক কৰক 

ফেচিয়েলৰ সময়ত মন কৰক এই দিশ