নাৰিকল তেলৰ সৈতে চুলিত ব্যৱহাৰ কৰক এই সামগ্ৰী...

18 Feb 2025

TV9 ASSAM

নাৰিকল তেলৰ চুলিৰ বাবে বহু উপকাৰী। ই চুলিক পুষ্টিকৰ উপাদান যোগান ধৰে যাৰ ফলত চুলি দীঘল আৰু মজবুত হয়। ইয়াৰ ফলত চুলি সৰা সমস্যাও বহু পৰিমাণে কমে।

নাৰিকল তেল

নাৰিকল তেলত যদি আপুনি কিছুমান বিশেষ সামগ্ৰী মিহলাই তেন্তে ই চুলিৰ বাবে অধিক উপকাৰী হৈ পৰে।  ইয়াৰ ফলত চুলি অধিক মজবুত আৰু ঘন হৈ পৰে।

মিশ্ৰণ

আমলখিৰ ৰস অথবা আমলখিৰ পাউডাৰ নাৰিকল তেলত মিহলাই চুলিত লগালে চুলি মজবুত হয় আৰু ধুনীয়া হৈ পৰে। গতিকে এই মিশ্ৰণ আপুনি চুলিত লগাব পাৰে।

আমলখি

নিশাৰ ভাগত মেথী দানা পেষ্ট বনাই নাৰিকল তেলত মিহলি কৰি লওক। পাছত সেইখিনি মূৰত লগাই ১৫ মিনিট ৰাখি ধুই দিব লাগে। ইয়াৰ ফলত চুলি মজবুত হয়। আৰু নতুন চুলি অহাতো সহায় কৰে।

মেথী দানা

নাৰিকল তেলত এলোভেৰা জেল মিহলাই ২০-৩০ মিনিটত চুলিত লগাব পাৰে। তাৰ পাছত মূৰ ধুই দিব লাগে। ইয়াৰ ফলত চুলি কোমল আৰু ধুনীয়া হৈ পৰে।

এলোভেৰা

নিম পাতৰ পেষ্ট বনাই নাৰিকল তেলত মিহলাই  চুলিত লগালে বহু সমস্যাৰ পৰা সকাহ পোৱা যায়। ইয়াৰ ফলত চুলিৰ উফি আৰু খজুৱতি আদি সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।

নিম পাত

নাৰিকল তেল গৰম কৰি নৰসিংহ পাত কেইটামান দিব লাগে। পাছত সেই তেলখিনি ঠাণ্ডা কৰি চুলিত লগাব লাগে। দীঘল চুলিৰ বাবে ই অতি উপকাৰী।

নৰসিংহ

পঢ়িবলৈ ক্লিক কৰক 

চৰকাৰৰ বিশেষ সিদ্ধান্ত