গ্ৰীষ্মকালত অত্যধিক গৰম, দূষিত খাদ্য বা পানী, পাচনতন্ত্ৰৰ সমস্যাৰ বাবে ডায়েৰিয়াৰ বা লুজ মোচনৰ সমস্যা হয়।
ডায়েৰিয়াৰ ফলত শৰীৰত পানী আৰু অত্যাৱশ্যকীয় ইলেক্ট্ৰলাইটৰ যথেষ্ট ক্ষতি হয়, যাৰ ফলত দুৰ্বলতা, মূৰ ঘূৰোৱা আৰু ভাগৰুৱা অৱস্থাৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত এই উপায়সমূহ গ্ৰহণ কৰক।
ORS দ্ৰৱণে শৰীৰত ইলেক্ট্ৰলাইটৰ অভাৱ পুনৰ পূৰণ কৰাত সহায় কৰে। এনে পৰিস্থিতিত লুচ মোচনৰ পাছত প্ৰতিবাৰেই এগিলাচ অ’ আৰ এছ খোৱাটো লাভজনক।
দৈত প্ৰ’বায়’টিক অৰ্থাৎ উপকাৰী বেক্টেৰিয়া থাকে যিয়ে ভিতৰৰ অংগ পৰিষ্কাৰ কৰে আৰু পাচনতন্ত্ৰ উন্নত কৰে। ইয়াৰ উপৰিও শৰীৰ শীতল কৰি পেট শান্ত কৰে।
এই সময়ত খিচিৰি, সিজোৱা আলু, কল, মগু দালি খাব। টেঙা, ভজা বা বাহিৰৰ খাদ্য একেবাৰেই নাখাব।
নাৰিকলৰ পানী, নেমুৰ পানী, বেলৰ চৰবত আৰু কুহুমীয়া পানী খাব লাগে। এনে পৰিস্থিতিত শৰীৰক জলসিঞ্চিত কৰি ৰখাটো অতি প্ৰয়োজনীয়।
ডায়েৰিয়াৰ হ'লে শৰীৰ দুৰ্বল হৈ পৰে, গতিকে বেছি কাম কৰাটো পৰিহাৰ কৰি যথেষ্ট জিৰণি লওক।
পঢ়িবলৈ ক্লিক কৰক