TV9 ASSAM
আজি সমগ্ৰ অসমবাসীয়ে পালন কৰিছে হেঁপাহৰ মাঘ বিহু। পুৱা মেজি জ্বলাই অগ্নি দেৱতাক সেৱা কৰি আশীৰ্বাদ লয় প্ৰতিগৰাকী অসমীয়াই।
কোৱা হয়, মেজিৰ জুইয়ে সমাজৰ পৰা সকলো অপায় অমংগল দূৰ কৰি সমাজৰ একতাৰ এনাজৰী সুদৃঢ় কৰে। ভোগালী হৈছে আনন্দ, ভোগৰ উৎসৱ। সেয়ে সমূহ অসমীয়াই লগে ভাগে উদযাপন কৰিলে বিহু।
মাঘ বিহুৰ কিছুমান স্বকীয় পৰম্পৰা আছে। মাঘ বিহুৰ অন্যতম আকৰ্ষণ উৰুকা আৰু মেজি। উৰুকাৰ নিশা চুৰি কৰাৰ পৰম্পৰা আছে। ডেকাসকলে হাহ, কুকুৰা, জেওৰা, শাক-পাচলি আদি চুৰি কৰে।
খাদ্য সন্দৰ্ভতো মাঘ বিহুত কিছু পৰম্পৰা আছে। একাংশই কয় যে, মাঘত পঁইতা ভাত খালে শক্তি পোৱা যায়। সেয়ে কোৱা হয়,মাঘে পন্টা বাঘেৰ বল। অৰ্থাৎ মাঘত পঁইতা ভাত খালে বাঘৰ দৰে শক্তি হয়।
মাঘত মাহ কৰাই খোৱাৰো পৰম্পৰা আছে। মাটি দাইল, তিল, বুট, ভজা চাউল আদিৰে মাহ কৰাই প্ৰস্তুত কৰা হয়। এয়া খোৱাৰ সময়ত জুতিৰ বাবে নিমখ, তেল, আদা, ধনিয়া পাত আদি দি খাব লাগে।
প্ৰথমে মাহ কৰাই মেজিৰ জুইত দিয়া হয়। পাছত ঘৰলৈ আনি সকলোৱে খায়। কথা এষাৰ আছে- মাহ কৰাই খাও, বাটে বাটে যাওঁ, মোৰ লগত যি আহে তাকো এগাল দিও। মেজিত দিয়াৰ পাছত কিছুমানে মাহ কৰাই গছ, ভঁৰাল আদিত ছটিয়াই দিয়ে।
মান্যতা অনুসৰি এনে কৰিলে কোনো অপায় অমংগল নহয়, ভঁৰাল ভৰি থাকে। গছত ফল লাগে। ইয়াৰোপৰি কিছুমানে মিঠা আলু খায়। মুঠতে মাঘ মাহক লৈ বছৰ বছৰ ধৰি বিভিন্ন পৰম্পৰা চলি আহিছে।
পঢ়িবলৈ ক্লিক কৰক