মাঘী পূৰ্ণিমাত কি কি কৰিব লাগে? 

11 Feb 2025

TV9 ASSAM

হিন্দু ধৰ্মত মাঘী পূৰ্ণিমাত বিশেষ মহত্ব আছে। চলিত বৰ্ষত মাঘী পূৰ্ণিমা ১২ ফেব্ৰুৱাৰীত। কোৱা হয়, এই দিনটোত বিধি অনুসৰি পূজা কৰিলে মনৰ আশা পূৰ্ণ হয়।

মাঘী পূৰ্ণিমা

এই দিনটোত শ্ৰী বিষ্ণুৰসহস্ত্ৰনাম পাঠ কৰিব লাগে। ভগৱান বিষ্ণুৰ মন্দিৰত গৈ পূজা কৰিব লাগে। এই দিনটোত বিষ্ণুৰ হোম যজ্ঞ পাতে।  ইয়াৰোপৰি ভগৱান শিৱক জলাভিষেক কৰিব পাৰে।

কি কৰিব লাগে

যিসকলে শাৰীৰিক কষ্টত ভুগি আছে তেওঁলোকে এই দিনটোত শ্ৰী ৰামৰক্ষাস্তোত্ৰ পাঠ কৰিব লাগে।  ইয়াৰোপৰি এই দিনটোত ফল-মূল দান কৰা ভাল বুলি কোৱা হয়।

শাৰীৰিক কষ্ট

এই দিনটোত মা শীতলাৰ মন্দিৰত গৈ নাৰিকল অৰ্পন কৰিব লাগে আৰু মাক পূজা কৰিব লাগে। এই দিনটোত তিল দান কৰা অতি শুভ বুলি গন্য কৰা হয়।

মা শীতলা

এই দিনটোত নিশা চন্দ্ৰমাক গাখীৰ অৰ্পন কৰিব লাগে। ইয়াৰোপৰি এই দিনটোত চাউল দান কৰাৰ বিশেষ মহত্ব আছে।

চন্দ্ৰ

এই দিনটোত গৰুক গুড় খুওৱা ভাল বুলি গন্য কৰা হয়। ইয়াৰ লগতে চৰাই-চিৰিকটিক পানী বা অন্য খাদ্য অৰ্পন কৰিব লাগে।

গোহালি

এই দিনটোত পিতৃ-মাতৃৰ চৰন স্পৰ্শ কৰি আশীৰ্বাদ গ্ৰহণ কৰিব লাগে।  কোৱা হয়, এই দিনটোত মনেৰে পূজা কৰিলে সকলো আশা পূৰণ হয়।

পিতৃ-মাতৃ

পঢ়িবলৈ ক্লিক কৰক 

গংগা নদীৰ পানী কিয় দূষিত নহয় ?