TV9 ASSAM
গংগা, যমুনা আৰু সৰস্বতীৰ ত্ৰিবেণী মহাসংগমৰ পাৰত এতিয়া উদুলী-মুদুলি পৰিৱেশ। ১৪৪ বছৰত পাছত অনুষ্ঠিত হৈছে মহাকুম্ভ।
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈছে মহাকুম্ভ। মহাকুম্ভৰ পৱিত্ৰ ক্ষণত মহাসংগমত ভিৰ কৰিছে লাখ লাখ ভক্তই। উপস্থিত আছে নাগা সাধু-সন্যাসী।
কেৱল স্নান কৰাই নহয়, তীৰ্থযাত্ৰীসকলে মহাকুম্ভলৈ যোৱাৰ আন এটা কাৰণ হ'ল সাধুসকলক লগ কৰা। বিশেষ নাগা সন্ন্যাসীসকলক লগ কৰিবলৈ ব্যাকুল হৈ পৰিছে সাধাৰণ মানুহবোৰ।
সকলো সময়তে ধ্যান কৰা। শাস্ত্ৰৰ জ্ঞানেৰে পৰিপূৰ্ণ। আন সাধুসকলৰ পৰা তেওঁলোক বহুত বেলেগ। এয়া হৈছে সাধাৰণ মানুহৰ বাবে এজন নাগা সন্ন্যাসীৰ পৰিচয়।
বিচাৰিলেই কোনেও নাগা সাধু হ'ব নোৱাৰে। নাগা সন্ন্যাসী হ'বলৈও বহুত কিছুমান কঠোৰ নিয়ম পালন কৰিব লাগে। খুব কম বয়সতে তেওঁলোকে সন্যাস লয়। তাৰ পিছত সমগ্ৰ জীৱন ধ্যানত অতিবাহিত হয়।
তেওঁলোকৰ গাত এডাল সূতাও নাথাকে। এয়াই নাগা সন্ন্যাসীসকলৰ এটা পৰিচয়। তেওঁলোকে শৰীৰ আৰু মন পৰিষ্কাৰ ৰাখিবলৈ কাপোৰ পৰিধান নকৰে।
অৱশ্যে, তেওঁলোকে কাপোৰ পৰিধান নকৰিলেও, গোটেই শৰীৰটো পোৰা মৃতদেহৰ ভস্মৰ লেপ লগোৱা হয়। যিটো অতিকৈ আকৰ্ষণীয়। মূলতঃ এই ছাইবোৰ তেওঁলোকক শীতকালত জীৱন অতিবাহিত কৰাত সহায় কৰে।
নাগা সন্ন্যাসীসকলৰ খাদ্য সম্পূৰ্ণ সাত্ত্বিক। তেওঁলোকে ভাত, ঘেঁহু, ৰুটি, গাখীৰ, দৈ, পাচলি খাই জীয়াই থাকে। তেওঁলোকে দিনত কেৱল এবাৰহে খায়।
পঢ়িবলৈ ক্লিক কৰক