সন্ন্যাসীসকলে কিয় চুলি নাকাটে ? কাৰণ...

15  Jan 2025

TV9 ASSAM

 বৰ্তমান উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ ২০২৫। এই মহাকুম্ভ ২৬ ফেব্ৰুৱাৰীলৈ চলিব। মান্যতা অনুসৰি জীৱনত এবাৰ মহাকুম্ভলৈ যাব পৰাতো ভাগ্যবান।

মহাকুম্ভ মেলা

কুম্ভ মেলা ৪ প্ৰকাৰৰ। ইয়াৰ এটা মহাকুম্ভ। এই মহাকুম্ভ ১৪৪ বঠছৰৰ মুৰত হয়। কিন্তু ২০২৫ ৰ এয়া মহাকুম্ভ হয় নে নহয় সেয়া জানিবলৈ কোনো তথ্য নাই।

৪ প্ৰকাৰ

মহাকুম্ভ মেলাত দেশ-বিদেশৰ কোটি কোটি ভক্তই ভিৰ কৰিছে। এই মেলাত বিভিন্ন ঠাই পৰা সন্ন্যাসী, নাগা বাবা, অঘোৰী বাবা আদিও আহে।

ভক্তৰ ভিৰ

বৰ্তমান সামাজিক মাধ্যমত এনে সন্ন্যাসীসকলৰ ফটো ভিডিঅ' ভৰি পৰিছে। কিছুমান যদি উলংগ, কিছুমান জতাধাৰী, ইয়াৰে কিছুমানে আকৌ গেৰুৱা বস্ত্ৰ পৰিধান কৰে।

সন্ন্যাসী

প্ৰায়ভাগ সন্ন্যাসীৰ জটা বা দীঘল চুলি দেখা যায়। কাৰোবাৰ চুলি দীঘল, কাৰোবাৰ জটা আছে। কিন্তু ইয়াৰ আঁৰৰ কাৰণ কি জানেনে?

সন্ন্য়াসীৰ জটা

প্ৰাচীন গ্ৰন্থত সন্ন্যাসী  বা ঋষিসকলৰ দীঘল চুলিৰ বিষয়ে উল্লেখ থাকে। দৰাচলতে হিন্দু ধৰ্মত দীঘল চুলি আধ্যাত্মিক শক্তি অথবা তপস্যাৰ প্ৰতীক। কোৱা হয়, এই চুলিৰ দ্বাৰা মহাজাগতিক শক্তি প্ৰৱাহিত হয়।

গ্ৰন্থ

দীঘল চুলিয়ে সন্ন্যাসীৰ শক্তিৰ ভাৰাসাম্য বজাই ৰাখে। কিছুমানে কয়, দীঘল চুলিয়ে শৰীৰ আৰু আত্মাৰ মাজৰ ভাৰাসাম্য ৰক্ষা কৰে। যাৰ বাবে তেওঁলোকে চুলি নাকাটে।

দীঘল চুলি

কিছুমানৰ মতে, সন্ন্যাসীসকলে তপস্যা কৰি বা শান্তিৰ সন্ধান কৰি পাহাৰলৈ গুচি যায়। তপস্যাত তেওঁলোক ইমানেই মগ্ন হয় অন্য কোনো চিন্তা মনলৈ নাহে। সেয়ে চুলি কাটিব পাহৰি যায়।

অন্য কাৰণ

পঢ়িবলৈ ক্লিক কৰক 

মাঘ বিহুৰ পৰম্পৰা