TV9 ASSAM
হিন্দু ধৰ্মত শিৱ পূজাৰ বিশেষ মহত্ব আছে। আজিৰ দিনটোত ধৰ্মপ্ৰাণ ৰাইজে শিৱক আৰাধনা কৰে। এই সময়চোৱাত ভক্তই শিৱক ফল ফুল আদি অৰ্পন কৰে। কিন্তু কিছুমান ফল অৰ্পন কৰিব নালাগে।
মান্যতা অনুসৰি, কিছুমান ফল শিৱক অৰ্পন কৰিব নালাগে। এই ফল অৰ্পন কৰিলে শিৱ অসন্তুষ্ট হয় আৰু সমস্যাৰ সৃষ্টি হয় বুলি কোৱা হয়।
শিৱলিংগত নাৰিকল অৰ্পন কৰিব নালাগে। পূজা-পাঠত নাৰিকল ব্যৱহাৰ কৰা যায় যদিও শিৱ লিংগত কেতিয়াও নাৰিকল অৰ্পন কৰিব নালাগে।
ধৰ্মীয় মান্যতা অনুসৰি নাৰিকলৰ উৎপত্তি সমুদ্ৰ মন্থনত হৈছিল আৰু ইয়াৰ ধনৰ লক্ষ্মীৰ স্বৰূপ বুলি কোৱা হয়। আৰু মা লক্ষ্মী ভগৱান বিষ্ণুৰ পত্নী।
গতিকে ভগৱান শিৱক নাৰিকল অৰ্পন কৰা অৰ্থ এয়াই যে তেওঁৰ মা লক্ষ্মীক অৰ্পন কৰা। এই বাবে শিৱ পূজাত নাৰিকল ব্যৱহাৰ কৰা নহয়।
ইয়াৰোপৰি নাৰিকলৰ পানীও ব্যৱহাৰ কৰিব নালাগে। নাৰিকলৰ পানীৰে জলাভিষেক কৰিব নালাগে। নাৰিকলৰ পানী শিৱলিংগত ঢালিলে ভগৱান শিৱ অসন্তুষ্ট হয় বুলি কয়।
শিৱক জলাভিষেক , গাখীৰ আদি অৰ্পন কৰা ভাল বুলি কোৱা হয়। ইয়াৰোপৰি এই দিনটোত শিৱৰ প্ৰিয় বস্তু অৰ্পন কৰা শুভ বুলি গন্য কৰা হয়।
পঢ়িবলৈ ক্লিক কৰক