দুপৰীয়া ভাতৰ লগত আমৰ আচাৰ বহু লোকৰ খোবেই প্ৰিয় । কিছুমানে টেঙা আমৰ আচাৰ ভাল পায় আৰু কিছুমানে মিঠা আমৰ আচাৰ ভাল পায় ।
মিঠা আমৰ আচাৰ যেনেকৈ ভাতৰ লগত খোৱা হয়, তেনেকৈয়ে ইয়াক অকলে বা ব্ৰেকফাষ্ট বা টিফিনত ৰোটি-ব্ৰেডৰ সৈতে খাব পাৰি। ঘৰতে সহজে মিঠা আমৰ আচাৰ বনাব পাৰিব ।
আমৰ আচাৰ বনাবলৈ কেঁচা আম, চেনি, শুকান জলকীয়া গুড়ি,আদা, বগা ভিনেগাৰ,চূণ, ৰুচি অনুসৰি নিমখ আৰু পানীৰ প্ৰয়োজন।
প্ৰথমে ১ চামুচ চূণ কমেও ১ লিটাৰ পানীত দ্ৰৱীভূত কৰক। তাত আমখিনি এঘণ্টা তিয়াই থব। আনহাতে আমখিনি পাতলকৈ কাটি লব ।
আমখিনি পাতলকৈ কাটি নিমখ দি কমেও ১ ঘণ্টা ৰাখিব। টেঙা কমি গ’লে আমখিনি ভালদৰে ধুব লাগে। তাৰ পিছত আমলখিৰ পৰা পানীখিনি ভালদৰে নিষ্কাশন কৰি লওক ।
এতিয়া এটা চচপেনত চেনি আৰু ভিনেগাৰ দি গৰম কৰক। চেনি উতলিলে আমৰ টুকুৰাখিনি দিব। আমখিনি অলপ সময় লৰাই থাকিব ।
ইয়াৰ পিছতে আন আন সামগ্ৰীখিনি দি আপুনি ঘৰতে আমৰ আচাৰ বাবে জেলী তৈয়াৰ কৰিব পাৰে ।
পঢ়িবলৈ ক্লিক কৰক