০৭ নৱেম্বৰ, ২০২৪
TV9 ASSAM
অহা ২২ নৱেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ মাটিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। এই শৃংখলা ভাৰতৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
বিগত দুবাৰৰ অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় দলে জয়লাভ কৰিছে যদিও এইবাৰ ভাৰতীয় দলৰ শেহতীয়া প্ৰদৰ্শনে চিন্তাত পেলাইছে সকলোকে।
নিউজিলেণ্ডৰ বিপক্ষে ঘৰৰ মাটিতে ভাৰত হোৱাইট ৱাছৰ সন্মুখীন হৈছে। এই শৃংখলাত চূড়ান্ত ৰূপত ব্যৰ্থ হয় কোহলী, ৰোহিতৰ দৰে জ্যেষ্ঠ খেলুৱৈ।
ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মেচত অংশ লৈয়ে ভাৰতৰ ৬ গৰাকী কিংবদন্তি তাৰকাই টেষ্ট কেৰিয়াৰৰ সামৰণি মাৰিছে।
২০০৮ চনত দিল্লীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কেৰিয়াৰৰ অন্তিমখন টেষ্ট খেলিছিল কিংবদন্তি অনিল কুম্বলেই।
অষ্ট্ৰেলিয়াৰ বিপক্ষেই ২০০৮ চনত নাগপুৰত ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে অন্তিমখন টেষ্ট খেলিছিল।
বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দুই টেষ্ট বেটাৰ ৰাহুল দ্ৰাবিড় আৰু ভিভিএছ লক্ষ্মণে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০১২ চনত এডিলেইডত টেষ্ট কেৰিয়াৰৰ অন্ত পেলাইছিল।
ভাৰতীয় দলৰ বিস্ফোৰক অ’পেনাৰ বীৰেন্দ্ৰ সেহৱাগেও ২০১৩ চনত হায়দৰাবাদত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট কেৰিয়াৰৰ অন্ত পেলায়।
২০১৪ চনত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত টেষ্ট শৃংখলাৰ মাজভাগত টেষ্ট ফৰ্মেটৰ পৰা বিদায় লৈছিল মহেন্দ্ৰ সিং ধোনীয়ে।
আগন্তুক শৃংখলাত ব্যৰ্থ হ’লে ৰোহিত, কোহলীৰ লগতে আন দুগৰাকী জ্যেষ্ঠ তাৰকা অশ্বিন-জাদেজাৰ কেৰিয়াৰো যতি পৰাৰ সম্ভাৱনা আছে।
পঢ়িবলৈ ক্লিক কৰক
নিশা কিয় গা ধুব নালাগে?