1 Nov 2024
TV9 Assam
'ভাষা গৌৰৱ সপ্তাহ'ৰ মাজতে ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীয়ে পাব বিশেষ নৈমিত্তিক ছুটী
৬ নৱেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীয়ে মাতৃ-পিতৃ বন্দনাৰ বাবে পাব এই ছুটী
অসম চৰকাৰৰ কৰ্মচাৰীসকলে অহা ৬ নৱেম্বৰ বুধবাৰে আৰু ৮ নৱেম্বৰ শুকুৰবাৰৰ দিন দুটাত ‘মাতৃ-পিতৃ বন্দনা’ আঁচনিৰ বাবে লাভ কৰিব ছুটী।
এই বিশেষ দুটা দিনৰ ছুটীৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে অহা ৭, ৯ আৰু ১০ নৱেম্বৰত লাভ কৰিব স্বাভাৱিক চৰকাৰী বন্ধ
উল্লেখ্য যে, পিতৃ-মাতৃৰ লগত সময় অতিবাহিত কৰাৰ উদ্দেশ্যে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিগত ২০২২ বৰ্ষৰ পৰা বিশেষ ছুটীৰ ব্যৱস্থা কৰিছিল ৰাজ্য চৰকাৰে
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে ‘মাতৃ-পিতৃ বন্দনা’ৰ নামত শিক্ষকসকলেও একেলেথাৰিয়ে পাব পাঁচ দিনৰ ছুটী।
পিতৃ-মাতৃৰ লগত কৰ্মচাৰীসকলে সময় কটোৱাৰ সুবিধা পাবৰ বাবে এই বিশেষ ছুটীৰ ব্যৱস্থা কৰা হৈছে বুলি জনাই শিক্ষামন্ত্ৰীগৰাকীয়ে।