এনেকৈ দূৰ কৰক মাইগ্ৰেইনৰ সমস্যা...

১ জুলাই, ২০২৪ 

Tv9 Assam

আজিকালি বহুলোকে মাইগ্ৰেইনত ভুগি থকা দেখা যায়। ইয়াৰ ফলত অত্যন্ত মূৰৰ বিষ আৰু কিছুমানৰ বমিৰ অনুভৱ হয়। কেতিয়াবা ৩-৪ দিন পৰ্যন্ত থাকে বিষ।

মাইগ্ৰেইন

যদি আপোনাৰ মাইগ্ৰেইন আছে তেন্তে নাৰিকলৰ পানী খাব পাৰে। ইয়ে আপোনাক অন্য বেমাৰৰ পৰাও দূৰত ৰাখে।

নাৰিকল পানী

নাৰায়ণা হাস্পাতালৰ ইন্টাৰনেশ্যনেল মেডিছিন বিভাগৰ চিকিৎসক পংকজ বৰ্মাই কয় যে নাৰিকল পানী খালে মাইগ্ৰেইনত ভাল। ই ওজন কম কৰাতো সহায়ক হয়।

চিকিৎসকে কি কয়

লং খালে আপোনাৰ মাইগ্ৰেইনৰ সমস্যা কিছু পৰিমাণে কম হ'ব পাৰে। দিনত আপুনি এবাৰ হ'লেও লং দি বনোৱা চাহ খালে সকাহ পাব।

লং

আয়ুৰ্বেদৰ মতে লেভেণ্ডাৰ তেলৰ দ্বাৰা মালিচ কৰিলে মাইগ্ৰেইনৰ পৰা অলপ সকাহ পাব পাৰি। এই তেলৰ মালিচ কৰিলে মনো শান্ত হয়।

লেভেণ্ডাৰ অইল

যোগাসন কৰিলেও মাইগ্ৰেইনৰ সমস্যা লাঘৱ হয়। যোগে শাৰীৰিক-মানসিক দিশত প্ৰভাৱ পেলায়। মাইগ্ৰেইন মানসিক চাপৰ বাবেও হয়।

যোগ

মাইগ্ৰেইন বহু প্ৰকাৰৰ আছে। গতিকে আপুনি এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাতো  ভাল।

মাইগ্ৰেইনৰ প্ৰকাৰ

পঢ়িবলৈ ক্লিক কৰক

Fashion Tips