দাদাচাহেব ফাল্কে বঁটাৰ সৈতে আৰু কি পাব মিথুনে ?

৩০ ছেপ্টেম্বৰ, ২০২৪

TV9 ASSAM

বলীউডৰ প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীক এইবাৰ দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব।

মিথুনলৈ সন্মান

আজি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই বঁটাৰ বাবে মিথুন চক্ৰৱৰ্তীৰ নাম ঘোষণা কৰে। দাদাছাহেব ফাল্কে বঁটাৰ জুৰীয়ে মিথুনৰ নাম বাছনি কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীৰ ঘোষণা

দাদাছাহেব ফাল্কে বঁটাক চিনেমা জগতত অত্যন্ত সন্মানীয় হিচাপে গণ্য কৰা হয়। এই সন্মান প্ৰতি বছৰে মাত্ৰ এগৰাকী ব্যক্তিকহে দিয়া হয়।

উল্লেখনীয় সন্মান

দাদাচাহেব ফাল্কে বঁটা বিজয়ীসকলে ১৫ লাখ টকাৰ পুৰস্কাৰ লাভ কৰে। এই ধনৰাশিৰ লগতে স্বৰ্ণ কমল ট্ৰফী আৰু প্ৰশস্তি পত্ৰও প্ৰদান কৰা হয়।

বঁটাৰ সৈতে কি পাব?

১৯৭৭ চনত মৃণাল সেনৰ মৃগয়া ছবিৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰা মিথুনে ৮টা ভাষাৰ ৩৫০ খনতকৈও অধিক ছবিত কাম কৰিছে।

তিনি শতাধিক ছবি

বঁটা ঘোষণাৰ পিছতে মিথুনে  এই সুখৰ মুহূৰ্ত বাখ্যা কৰিব পৰাকৈ তেওঁ শব্দহীন হৈ পৰা বুলি উল্লেখ কৰে। এয়া এক ডাঙৰ সন্মান বুলি লগতে কয় মিথুনে।

কি ক’লে মিথুনে?

ফুটপাথৰ পৰা এই পৰ্যায় পোৱা এজন লোকক এনে বিশাল শ্ৰদ্ধাৰ কথা ভাবিবও নোৱাৰি বুলি উল্লেখ কৰি তেওঁ এই সন্মান পৰিয়াল আৰু অনুৰাগীসকললৈ বাবে উৎসৰ্গা কৰে।

বঁটা উৎসৰ্গা

পঢ়িবলৈ ক্লিক কৰক

প্ৰেমত সফল হয় এই ৪ ৰাশিৰ লোক