২০ জুলাই, ২০২৪
TV9 ASSAM
শেহতীয়াকৈ ছানিয়া মিৰ্জাৰ সৈতে মহম্মদ ছামিৰ বিবাহৰ খবৰক লৈ ব্যাপক চৰ্চাৰ সৃষ্টি হৈছিল। এই খবৰ পিছত নাকচ কৰিছিল ছানিয়াৰ পিতৃয়ে।
সামাজিক মাধ্যমত ছামি-ছানিয়াৰ বিবাহক লৈ যথেষ্ট চৰ্চা চলিছিল। মহম্মদ ছামিয়ে এই সন্দৰ্ভত এতিয়া মুকলিকৈ মন্তব্য কৰিছে।
এই খবৰক ছামিয়ে সম্পূৰ্ণ ভুৱা আৰু আচহুৱা আখ্যা দি এনে ভুৱা খবৰ প্ৰচাৰ কৰি থাকিব নালাগে বুলি মন্তব্য কৰে।
ক্ষোভ প্ৰকাশ কৰি ছামিয়ে উৰাবাতৰি বিয়পোৱাসকলৰ সাহস থাকিলে ভেৰিফাইড একাউণ্টৰ পৰা এনে পোষ্ট শ্বেয়াৰ কৰিবলৈও প্ৰত্যাহ্বান জনায়।
শেহতীয়াকৈ ছানিয়াৰ ছোৱেইব মালিকৰ সৈতে বিবাহ বিচ্ছেদ হৈছে। আনহাতে ছামিয়েও বিগত কেইবাবছৰ ধৰি পত্নীৰ পৰা পৃথকে বাস কৰি আহিছে।
২০২৩ৰ এদিনীয়া বিশ্বকাপৰ পিছৰে পৰা আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থকা ছামি ক্ৰমাৎ সুস্থ হৈ উঠিছে আৰু শীঘ্ৰেই প্ৰত্যাৱৰ্তনৰ আশা কৰিছে।
পঢ়িবলৈ ক্লিক কৰক
এই ৪ অভিনেত্ৰীয়েও হৃদয় ভাঙিছিল পাণ্ডিয়াৰ!