১১ জুলাই, ২০২৪
Tv9 Assam
মহম্মদ ছিৰাজ ভাৰতীয় ক্ৰিকেটাৰ। ২০১৮ চনৰ পৰা তেওঁৰ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ কেৰিয়াৰ আৰম্ভ হৈছিল।
ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছিৰাজ ৰাইট হেণ্ড বলাৰ। এছিয়া কাপত তেওঁ বহু ভাল প্ৰদৰ্শন কৰিছিল। আই চি চি বিশ্বকাপতো প্ৰদৰ্শন ভাল আছিল।
মহম্মদ ছিৰাজ হায়দৰাবাদৰ বাসিন্দা। তেওঁৰ জন্ম হৈছিল ১৯৯৪ চনৰ ১৩ মাৰ্চত।
মহম্মদ ছিৰাজে হায়দৰাবাদৰ ছফা জুনিয়ৰ কলেজত দ্বাদশ শ্ৰেণীলৈ পঢ়িছিল। তেওঁৰ পিতৃয়ে অটো চলাইছিল।
তেওঁক তেলেংগানা চৰকাৰৰ তৰফৰ পৰা এটা ফ্লেট আৰু চৰকাৰী চাকৰি দিয়াৰ কথাও ঘোষণা কৰিছে। অৱশ্য়ে কি পদত নিযুক্তি লাভ কৰিব সেয়া কোৱা নাই।
এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ জয়লাভ কৰাৰ পাছত গৃহ ৰাজ্যত ছিৰাজৰ উষ্ম আদৰণি হয়। তেতিয়াই ৰেৱন্ত ৰেড্ডী চৰকাৰে চাকৰিৰ কথা ঘোষণা কৰে।
পঢ়িবলৈ ক্লিক কৰক