প্ৰতিমাহৰ ১১ তাৰিখে ১১ বজাত এইসকলে পাব ধন...

৬ অক্টোবৰ, ২০২৪

প্ৰতিমাহৰ ১১ তাৰিখে দিনৰ ১১ বজাত ৰাজ্যৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে লাভ কৰিব আৰ্থিক সাহাৰ্য। অহা মাহৰ পৰা ১১ তাৰিখে ১১ বজাত একাংশৰ মোবাইললৈ টকা সোমোৱাৰ মেছেজ আহিব।

১১ তাৰিখ ১১ বজা

প্ৰতিমাহৰ ১১ তাৰিখে ৰাজ্যৰ হাজাৰ হাজাৰ ছাত্ৰীয়ে পাব ধন। নিযুত মইনা আঁচনিৰ অধীনত এই ধন লাভ কৰিব ছাত্ৰীসকলে।বিবাহ-পাশত আৱদ্ধ হোৱা ছাত্ৰীয়েও পাব ধন।

নিযুত মইনা

আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ অধীনত ৰাজ্যৰ ১ লাখ ৫৯ হাজাৰ ০৯৩গৰাকীয়ে লাভ কৰিব সুবিধা।

শুভাৰম্ভ

 এই আঁচনিৰ অধীনত অহা ৩ বছৰত ১০ লাখ ছাত্ৰীক আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে।স্নাতক শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব ১৫০০ টকা।

ৰাজ্য চৰকাৰ

স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীক ২৫০০ টকা আৰু উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰা ছাত্ৰীক ১০০০ টকা প্ৰদান কৰিব।

টকা

যোগ্য ছাত্ৰীসকলে এটা বছৰত ১০ মাহ এই আঁচনিৰ ধন লাভ কৰিব । গৰমৰ বন্ধত প্ৰদান কৰা নহয় এই ধন। এই দুমাহ নাপাই ধন।

গৰম বন্ধত নাপায়

ৰাজ্যৰ মন্ত্ৰী, বিধায়ক বা সাংসদৰ কন্যাই এই আঁচনিৰ সুবিধা লাভ নকৰে ।ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰীয়ে লাভ নকৰে সুবিধা।  আনহাতে ভেন্সাৰ স্কুলৰ ছাত্ৰীয়েও লাভ কৰিব সুবিধা।

কোনে নাপায়

পঢ়িবলৈ ক্লিক কৰক 

স্তনৰ কৰ্কট ৰোগৰ কাৰণ...