TV9 ASSAM
গজালি ওলোৱা মগু স্বাস্থ্যৰ বাবে অতি উপকাৰী। বহু মানুহে গজালি ওলোৱা মগু সদায় খাই আৰু ইয়াৰ ভাল ফল লাভ কৰে।
মগু পুষ্টিকৰ উপাদানেৰে ভৰপুৰ। মগুত ফাইবাৰ, প্ৰটিন, আইৰণ, ভিটামিট এ, বি ৬, অমেগা ফেটী এচিজ, পটেছিয়াম আদিৰ দৰে পুষ্টিকৰ উপাদান থাকে।
পুৱাৰ সময়ত মগু খালে হজম শক্তি ভাল হয়। মগুত থকা পুষ্টিকৰ উপাদানসমূহে দেহৰ হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে।
আয়ুৰ্বেদিক বিশেষজ্ঞ কিৰণ গুপ্তাই কয় যে, গজালি ওলোৱা মগুত নেমু, বিলাহী বা আন সব্জী মিহলি কৰি খাব পাৰে। এনেকৈ খালে দুগুণ ভাল গুণ পোৱা যায়।
গজালি ওলোৱা মগুত ভিটামিন এ আৰু চি থাকে। গতিকে প্ৰতিদিনে মগু সেৱন কৰা ছালৰ বাবে ভাল। ই ছালক উজ্বল কৰি তোলাত সহায় কৰে।
মগু কেঁচা বা বইল কৰি খাব পাৰি। গজালি ওলোৱা মগুত বেক্টেৰিয়া থাকিব পাৰে। এনে ক্ষেত্ৰত পানী উতলাই মগু বইল কৰি খোৱা বেছি ভাল।
গজালি ওলোৱা মগুত কেলৰি কম আৰু প্ৰটিন বেছি থাকে। লগতে ইয়াত অধিক ফাইবাৰ থাকে। এনেবোৰ কাৰণত ভোক কমকৈ লাগে আৰু ই ওজন কম কৰাত সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক