3 Nov 2024
TV9 ASSAM
ৰাতি সোনকালে শুই পুৱা সোনকালে সাৰ পালে ছাত্ৰ-ছাত্ৰীৰ জীৱন শৃংখলাবদ্ধ হ'ব। নিয়মীয়াকৈ পঢ়া-শুনা কৰাসকলক পুৱা সোনকালে সাৰ পাবলৈ বহুতে পৰামৰ্শ দিয়ে।
ৰাতিপুৱা কোলাহল কম। চৌপাশ শান্ত হৈ থাকে। গতিকে এই সময়ত ছাত্ৰ-ছাত্ৰীৰ মনটো বিচলিত নহয়। অধ্যয়নৰ বিষয়বস্তুৰ সৈতে মানসিক সংযোগ ভাল হয় ।
পঢ়িবলৈ বহিলে একাগ্ৰতা আহিব। ৰাতিপুৱা মনটো স্পষ্ট হৈ পৰে, এই সময়ত কঠিন আৰু জটিল বিষয়বোৰৰ ওপৰত অনুশীলন কৰিলে সমাধান পাব পাৰি ।
ৰাতিপুৱা সোনকালে উঠিলে মগজুৰ সক্ৰিয়তা বৃদ্ধি পায়। মগজু ৰাতিপুৱা সময়ত আটাইতকৈ বেছি সক্ৰিয় হয়। মনলৈ সৃষ্টিশীল চিন্তাও আহে।
এই সময়খিনি যদি অধ্যয়নৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়, তেন্তে ছাত্ৰ-ছাত্ৰীৰ বুদ্ধিমত্তা বৃদ্ধি পাব ।
পুৱা পৰীক্ষা, স্কুল বা কলেজৰ চিন্তা বা অন্যান্য মানসিক চাপ নাথাকে । গতিক ছাত্ৰ-ছাত্ৰীয়ে এই সময়ছোৱাত পঢ়া-শুনা কৰিলে সহজে বিষয়বস্তুৰ জ্ঞান আয়ত্ব কৰিব পাৰে ।
এই সময়ত মগজুলৈ ইতিবাচক চিন্তা আহে। সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে। গতিকে পুৱা সময়খিনি ছাত্ৰ-ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ ।
পঢ়িবলৈ ক্লিক কৰক