বাৰে বাৰে মুখত ঘাঁ হয় নেকি? জানক ইয়াৰ কাৰণ...

23 April 2025

TV9 ASSAM

আজিকালি প্ৰায়ভাগ মানুহৰে মুখত ঘাঁ হোৱা দেখা যায়। এই ঘাঁ হ'লে কেতিয়াবা বিষ হয় বা জ্বলা-পোৰা কৰে। এই ঘাঁ হোৱাৰ কাৰণ বিভিন্ন হ'ব পাৰে। গতিকে সাৱধানে থকা উচিত।

মুখত ঘাঁ

যদি বাৰে বাৰে মুখত ঘাঁ হয় তেন্তে ইয়াৰ কাৰণ খাদ্য হ'ব পাৰে। কেতিয়াবা কিছুমানৰ মুখত প্ৰায়ে ঘাঁ হৈ থকা দেখা যায়, যাৰ বাবে বহু সমস্যাৰ সৃষ্টি হয়।

খাদ্য

আনৰস, কমলা, নেমু, ষ্ট্ৰোবেৰী আদি হাই এচিডিক ফল খোৱাৰ ফলতো মুখত ঘাঁ  হ'ব পাৰে। গতিকে সাৱধানে থাকি এই ফলসমূহ খাব লাগে।

ফল

আখৰোট, বাদাম, কাজু আদিত যথেষ্ঠ পৰিমাণে এমিনো এচিড এল-আৰ্জিনিন থাকে। যাৰ ফলত  ঘাঁ  হ'ব পাৰে। উল্লেখ কৰা প্ৰয়োজন যে সকলোৰে মুখত ঘাঁ হোৱাৰ কাৰণ বেলেগ বেলেগ।

অন্য কাৰণ

চকলেটত অল্কলাইড থাকে, আৰু ই মুখৰ ঘাঁৰ লক্ষণ  হ'ব পাৰে। গতিকে অত্যাধিক মাত্ৰাত চকলেট খোৱা বেয়া। ঘাঁ হৈ থাকিলে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

চকলেট

কিছুমানে বহু পৰিমাণে মচলাযুক্ত খাদ্য খায়। যাৰ ফলক মুখত ঘাঁ  হ'ব পাৰে। ইয়াৰোপৰি কিছুমানৰ ভিটামিনৰ অভাৱ বা অন্য কাৰণতো মুখত ঘাঁ হয়।

মচলা

এই লেখাটোত কিছুমান সাধাৰণ দিশহে উল্লেখ কৰা হৈছে।  যদি আপোনাৰ বেছিভাগ সময় মুখত ঘাঁ হৈ থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। ইয়াৰ ফলত অন্য ৰোগো হোৱাৰ সম্ভাৱনা থাকে।

গুৰুত্বপূৰ্ণ

পঢ়িবলৈ  ক্লিক কৰক 

পেটত ঘাঁ হোৱাৰ লক্ষণ