ভাৰতীয় দলত কিমান আছিল ধোনীৰ প্ৰথম দৰমহা?

৭ জুলাই, ২০২৪

TV9 Assam

ভাৰতৰ প্ৰাক্তন তাৰকা এম এছ ধোনীয়ে আজি ৪৩তম জন্মদিন উদযাপন কৰিছে। ক্ৰিকেট বিশ্বৰ বহু তাৰকাৰ লগতে ক্ৰিকেট অনুৰাগীয়ে শুভেচ্ছা জনাইছে ধোনীক।

আজি জন্মদিন ধোনীৰ

বিশ্বজুৰি থকা ধোনীৰ প্ৰতিগৰাকী অনুৰাগীয়ে স্বাভাৱিকতেই জানে ধোনীৰ কেৰিয়াৰৰ প্ৰতিটো তথ্য তথা ৰেকৰ্ড

ধোনীৰ ৰেকৰ্ড

পিছে আজি প্ৰায় ১০৪০ কোটি টকাৰ মুঠ সম্পত্তিৰ গৰাকী ধোনীৰ ভাৰতীয় দলত প্ৰথম দৰমহা কিমান আছিল সেয়া খুব কম লোকেহে জানে।

কিমান আছিল প্ৰথম দৰমহা?

ধোনীয়ে ২০০৪ চনৰ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে ভাৰতীয় দলৰ হৈ অভিষেক ঘটাইছিল।

২০০৪ চনত অভিষেক

সেই সময়ত ভাৰতীয় খেলুৱৈসকলে বিদেশত এদিনীয়া খেলৰ বাবে ১.৮৫ লাখ টকা লাভ কৰিছিল। অৰ্থাৎ ধোনীয়ে তেওঁৰ প্ৰথম খন খেলৰ বাবে ১.৮৫ লাখ লাভ কৰিছিল।

প্ৰথম মেচৰ দৰমহা

ধোনীক অভিষেকৰ এবছৰ পিছত অৰ্থাৎ ২০০৫ চনৰ ডিচেম্বৰত বিচিচিআইয়ে প্ৰথম কেন্দ্ৰীয় চুক্তি প্ৰদান কৰিছিল।

এবছৰৰ পিছত চুক্তি

সেই সময়ত মাত্ৰ তিনিটা গ্ৰেড আছিল আৰু সুন্দৰ প্ৰদৰ্শনৰ বাবে ধোনীক বি গ্ৰেডত অন্তৰ্ভুক্ত কৰা হৈছিল। সেই অনুসৰি ধোনীয়ে বছৰত ৩৫ লাখ টকা লাভ কৰিছিল।

এবছৰৰ দৰমহা

পঢ়িবলৈ ক্লিক কৰক

'মিৰ্জাপুৰ ৩'ত দেখা নাপাব এইসমূহ চৰিত্ৰও