ধোনীৰ সৈতে কোন এইগৰাকী আৰক্ষী বিষয়া!

৩ আগষ্ট, ২০২৪

TV9 ASSAM

ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে যদিও সততে তেওঁক লৈ চলি আহিছে চৰ্চা।

সততে চৰ্চাত ধোনী

আগন্তুক আইপিএল ছিজনত চেন্নাইৰ সম্ভাৱ্য খেলুৱৈৰ ৰিটেনচনৰ বিষয়ক লৈ সম্প্ৰতি ধোনীয়ে দখল কৰিছে শিৰোনাম।

IPLৰ বাবে চৰ্চাত

তাৰ মাজতে এজন আৰক্ষী বিষয়াৰ সৈতে ধোনীৰ ভাইৰেল ফটোৱে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।

ভাইৰেল বিশেষ ফটো

অৱশ্যে কোনো আইনী কাৰণত নহয়, বিশেষ সম্পৰ্ক সূত্ৰেহে আৰক্ষী বিষয়াজনৰ সৈতে দেখা গৈছে ধোনীক।

আছে বিশেষ সম্পৰ্ক

এই আৰক্ষী বিষয়াজন আন কোনো নহয়, ধোনীৰ সৈতে ভাৰতীয় দলত অভিষেক ঘটোৱা প্ৰাক্তন ক্ৰিকেটাৰ যোগীন্দৰ শৰ্মা।

কোন এই বিষয়া

হাৰিয়ানাৰ আৰক্ষী বিষয়া যোগীন্দৰে এটা ইনষ্টাগ্ৰাম ভিডিঅ’ যোগে প্ৰায় ১২ বছৰৰ পিছত ধোনীক লগ পোৱা বুলি জানিবলৈ দিয়ে।

১২ বৰ্ষৰ মূৰত সাক্ষাৎ

২০০৭ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত পাকিস্তানৰ বিপক্ষে যোগীন্দৰে অন্তিম অভাৰত বলিং কৰি ভাৰতক তুলি দিছিল খিতাপ।

বিশ্বকাপৰ নায়ক

পঢ়িবলৈ ক্লিক কৰক

বিশ্বৰ আটাইতকৈ ধনী এথলিটগৰাকী