ভাৰতত আছে ৰাৱণত পূজা কৰা এখন গাঁও

৭ অক্টোবৰ, ২০২৪

বৰ্তমান চলি আছে নৱৰাত্ৰি। দুৰ্গা পূজাক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাত সমগ্ৰ দেশবাসীয়ে দুৰ্গাক আদৰিবলৈ চলাইছে প্ৰস্তুতি।

দুৰ্গা পূজা

কিন্তু মধ্যপ্ৰদেশত এনে এখন গাঁও আছে য'ত আদিবাসী লোকসকলে নৱৰাত্ৰিৰ সময়ত ৰাৱণক পূজা কৰে। এই গাঁৱখনৰ নাম চিণ্ডৱাড়া।

এখন গাঁও

এই আদিবাসীলোকসকল জমুনিয়া নামৰ গাঁৱত থাকে। এই গাঁৱত নৱৰাত্ৰিৰ সময়ত ৰাৱণক পূজা কৰা হয়। এই পূজাৰ বাবে তেওঁলোক মণ্ডপ সাজি মূৰ্তি স্থাপনো কৰে।

জমুনিয়া

ৰাৱণ তেওঁলোকৰ বাবে পূজনীয়। কিয়নো তেওঁলোকৰ মতে ৰাৱণ তেওঁলোকৰ পূৰ্বপুৰুষ। যাৰ বাবে তেওঁলোকে ৰাৱণৰ মূৰ্তি স্থাপন কৰি পূজা কৰে।

কিয় কৰে

আদিবাসীসকলৰ মতে তেওঁলোকে ৰামায়নত উল্লেখ থকা ৰাৱণক পূজা নকৰে। তেওঁলোকৰ পূৰ্বপুৰুষ তথা শিৱভক্ত ৰাৱণকহে পূজা কৰে।

শিৱ ভক্ত

ৰাৱণক পূজা কৰা তেওঁলোকৰ এটা পৰম্পৰা। তেওঁলোকে কয় যে, ভগৱান শিৱ তেওঁলোকৰ দেৱতা আৰু ৰাৱণ তেওঁৰ ভক্ত। ৰাৱণ বহু বিদ্যানো আছিল, যাৰ বাবে এই জ্ঞানী ৰাৱণক পূজা কৰে।

পৰম্পৰা

আদিবাসী সমূদায়ৰ এইলোকসকলে ৰাৱণক দাহন নকৰে। ৰাৱণ দাহন বন্ধ কৰাৰ বাবে তেওঁলোকে কেইবাবাৰো চৰকাৰক আহ্বানো জনাইছে। এইলোকসকলে নৱৰাত্ৰিৰ ৯ দিন ৰাৱণক পূজা কৰে।

দাহন নকৰে

পঢ়িবলৈ ক্লিক কৰক 

ব্ৰেইন টিউমাৰৰ লক্ষণ