এই কিংবদন্তিৰ দৰে কেৰিয়াৰ বিচাৰে নীৰজে

১৮ আগষ্ট, ২০২৪

TV9 ASSAM

ভাৰতত সাধাৰণতে খেলুৱৈৰ ভিতৰত ক্ৰিকেটাৰসকলৰ জনপ্ৰিয়তা অধিক। শচীন, কোহলী আৰু ধোনীৰ দৰে ক্ৰিকেটাৰৰ দেশত অনেক জনপ্ৰিয়তা আছে।

ক্ৰিকেটাৰৰ জনপ্ৰিয়তা

এই কিংবদন্তি ক্ৰিকেটাৰসকলৰ কেৰিয়াৰো যথেষ্ট দীঘলীয়া হোৱাৰ লগতে নিজৰ কেৰিয়াৰত যথেষ্ট সফলতাও অৰ্জন কৰিছে।

সফল দীঘলীয়া কেৰিয়াৰ

অৱশ্যে দেশৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই দেশৰ এনে কোনো তাৰকা ক্ৰিকেটাৰৰ দৰে নিজৰ কেৰিয়াৰ বিচৰা নাই।

নীৰজৰ ব্যতিক্ৰমী ইচ্ছা

একেৰাহে দুখন অলিম্পিকত পদক জয়েৰে দেশৰ অন্যতম প্ৰিয় খেলুৱৈ হিচাপে পৰিগণিত হোৱা নীৰজ চোপ্ৰাই এই সন্দৰ্ভত নিজৰ ইচ্ছা প্ৰকাশ কৰে।

ইচ্ছা প্ৰকাশ নীৰজৰ

শেহতীয়াকৈ ৩৯ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰা ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক সুনীল ছেত্ৰীৰ দৰে দীঘলীয়া-সফল কেৰিয়াৰৰ আশা প্ৰকাশ কৰিছে নীৰজে।

ছেত্ৰীৰ দৰে কেৰিয়াৰ

শেহতীয়াকৈ পেৰিছত ছেত্ৰী আৰু নীৰজৰ সাক্ষাতৰ সময়তে নীৰজে ছেত্ৰীৰ সমুখত তেওঁৰ দৰেই দীঘলীয়া-সফল কেৰিয়াৰ গঢ়িব বিচাৰে বুলি ইচ্ছা ব্যক্ত কৰে।

ছেত্ৰীৰ সৈতে সাক্ষাৎ

টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক জয়েৰে ইতিহাস ৰচা নীৰজে পেৰিছ অলিম্পিকতো ৰূপৰ পদক জয়েৰে অনবদ্য সাফল্য লাভ কৰিছে।

অলিম্পিকত সাফল্য

পঢ়িবলৈ ক্লিক কৰক

বিখ্যাত কোম্পানীৰ সৈতে মনুৰ চুক্তি