নতুন বছৰত এইসমূহ সামগ্ৰী আনিব লাগে ঘৰলৈ 

1 Jan 2025

TV9 ASSAM

আজিৰ পৰা আৰম্ভ হৈছে নতুন বছৰ। মান্যতা অনুসৰি নতুন বছৰত ঘৰলৈ কিছুমান সামগ্ৰী অনা শুভ। ইয়ে ঘৰৰ সুখ সমৃদ্ধি বৃদ্ধা কৰাত সহায় কৰে আৰু সকৰাত্মক শক্তি আনে।

নতুন বছৰ

তুলসী গছ লক্ষ্মীৰ প্ৰতীক বুলি জনা যায়। তুলসী গছ ঘৰলৈ আনিলে মা লক্ষ্মীৰ কৃপা পোৱা যায় আৰু ঘৰলৈ সুখ- শান্তি আৰু সমৃদ্ধি আহে। গতিকে তুলসী গছ ৰুব লাগে।

তুলসী গছ

জ্যোতিষ শাস্ত্ৰ অনুসৰি ময়ুৰৰ পাখি শুভৰ প্ৰতীক।  ইয়াক ঘৰত আঁৰি থ'লে নকৰাত্মক শক্তি দূৰ হয় আৰু ঘৰলৈ সুখ শান্তি আহে। গতিকে ময়ুৰৰ পাখি আনিব পাৰে।

ময়ুৰৰ পাখি

দক্ষিণাৱৰ্তী শংখ ভগৱান বিষ্ণুৰ প্ৰতীক বুলি কোৱা হয়। সেয়ে ইয়াক ঘৰত ৰখা শুভ। এই শংখ ঘৰত ৰাখিলে বিষ্ণুৰ কৃপা লাভ কৰাৰ লগতে অপায় অমংগল দূৰ হয়।

দক্ষিণাৱৰ্তী শংখ

গণেশৰ বিঘ্নহৰ্তা বুলি কোৱা হয়। মান্যতা অনুসৰি গণেশ বাবাৰ মূৰ্তি ঘৰত ৰাখিলে সকলো ধৰণ বাধা দূৰ হোৱাৰ লগতে সকলো কামত সফলতা পোৱা যায়।

গণেশৰ মূৰ্তি

কামধেনুক ধন আৰু সমৃদ্ধিৰ দেৱী বুলি কোৱা হয়। সেয়ে এই মূৰ্তি ঘৰত ৰাখিলে আৰ্থিক স্থিতি ভাল হোৱাৰ লগতে ঘৰত সুখ- শান্তি আৰু সমৃদ্ধি আহে।

কামধেনু 

কাছ দীৰ্ঘায়ু আৰু জ্ঞানৰ প্ৰতীক। গতিকে ঘৰত কাছ ৰাখিলে ভগৱান বিষ্ণু সন্তুষ্ট হয় আৰু তেওঁৰ কৃপা লাভ কৰা যায়। গতিকে নতুন বছৰত ৰূপৰ কাছ ঘৰলৈ আনিব পাৰে।

কাছ

পঢ়িবলৈ ক্লিক কৰক 

চুলিত এনেদৰে ব্যৱহাৰ কৰক নিম পাত