নিৰ্মাণৰত অৱস্থাত বুৰ্জ খলিফাতকৈও বৃ্হৎ অট্টালিকা

২৬ অক্টোবৰ ২০২৪

TV9 ASSAM

তৈল সম্পদেৰে চহকী চৌদি আৰৱত বহুতো চালে চকু ৰোৱা দৰ্শনীয় অট্টালিকা আছে। এই নিৰ্মাণকাৰ্যসমূহে সততে দৰ্শনাৰ্থীক আকৰ্ষণ কৰে।

দৰ্শনীয় অট্টালিকা

এতিয়া বিশ্বৰ সৰ্ববৃহৎ অট্টালিকাটোও চৌদি আৰৱত দেখা পোৱা যাব। ইতিমধ্যে এই অট্টালিকাৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে।

সৰ্ববৃহৎ অট্টালিকা

চৌদি আৰৱৰ ৰিয়াদত নিৰ্মাণ হৈ থকা এই অট্টালিকাৰ নাম হৈছে ‘দ্য মুকাব’ টাৱাৰ। নিৰ্মাণ সম্পূৰ্ণ হ’লেই ই বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ অট্টালিকা হ’ব।

'মুকাব' টাৱাৰ

এই অট্টালিকাটো ইমানেই বৃ্হৎ যে ইয়াত নিউয়ৰ্কৰ এম্পায়াৰ ষ্টেট বিল্ডিঙৰ দৰে ২০টা অট্টালিকা একেলগে থাকিব।

বৃ্হৎ আকাৰ

এই প্ৰকল্পটোক ২০২৩ চনত চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ ছলমানে বিশ্বৰ আটাইতকৈ আধুনিক ডাউনটাউন প্ৰজেক্ট বুলি অভিহিত কৰিছিল।

মহম্মদ ছলমান

এই অট্টালিকাটো ১২০০ ফুট বহল। দোকান, ৰেষ্টুৰেণ্টৰ উপৰিও ‘দ্য মুকাব’ টাৱাৰত বিলাসী ফ্লেটো থাকিব।

বিলাসী ফ্লেট

অট্টালিকাটোৰ বাহিৰৰ দেৱালত কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ছবি দেখা যাব। ২০৩০ চনৰ ভিতৰত এই টাৱাৰটো সাজু হ’ব।

কেতিয়া হ’ব সম্পূৰ্ণ

‘দ্য মুকাব’ টাৱাৰৰ নিৰ্মাণত ব্যয় হ’ব প্ৰায় ৫০ বিলিয়ন ডলাৰ। ভাৰতীয় টকাৰ হিচাপত এই পৰিমাণ হ’ব প্ৰায় ৪০০০ বিলিয়ন টকা।

নিৰ্মাণ খৰচ

বৰ্তমান সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাইত অৱস্থিত বুৰ্জ খলিফা বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা। ১৬৩ মহলাৰ এই ভৱনটোৰ উচ্চতা ৮৩০ মিটাৰ।

বুৰ্জ খলিফা

পঢ়িবলৈ ক্লিক কৰক

আশ্চৰ্যকৰ উৰণ ক্ষমতা আছে এইবিধ চৰাইৰ