অপেনাৰ হিচাপে সৰ্বাধিক শতকৰ অধিকাৰী কোন?

২৭ অক্টোবৰ ২০২৪

TV9 ASSAM

ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত অন্যতম শ্ৰেষ্ঠ অপেনিং বেটাৰ হিচাপে শচীন টেণ্ডুলকাৰে আৰু ৰোহিত শৰ্মাৰ নাম প্ৰথমৰ ফালেই উচ্চাৰিত হ’ব।

অপেনিঙত চমক

শচীনে কেৱল এদিনীয়া ক্ৰিকেটত অপেনিং কৰি ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৰোহিতে তিনিওটা ফৰ্মেটতে এই ভূমিকা পালন কৰিছে।

অপেনাৰৰ ভূমিকা

অপেনাৰ হিচাপে দুয়ো বহু শতক অৰ্জন কৰিছে যদিও সৰ্বাধিক শতক অৰ্জন কৰা অপেনাৰৰ তালিকাত এওঁলোকৰ এজনো শীৰ্ষত নাই।

শতকৰ অভিলেখ

আজি ৩৮ বছৰ সম্পূৰ্ণ কৰা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অপেনাৰ ডেভিদ ৱাৰ্নাৰৰ নামত আছে এই উল্লেখনীয় কৃতিত্ব।

ডেভিদ ৱাৰ্ণাৰ

চলিত বৰ্ষতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ৱাৰ্ণাৰে তিনিওটা ফৰ্মেটতে অষ্ট্ৰেলিয়াৰ অপেনাৰ হিচাপে মুঠ ৪৯টা শতক অৰ্জন কৰে।

সৰ্বাধিক শতক

প্ৰায় ১৫ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৱাৰ্ণাৰে এদিনীয়াত ২২টা, টেষ্টত ২৬টা শতক আৰু টি-২০ত ১টা শতক অৰ্জন কৰে।

প্ৰতিটা ফৰ্মেটত শতক

এই তালিকাত ৪৫টা শতকেৰে শচীন টেণ্ডুলকাৰ দ্বিতীয় স্থানত থকাৰ বিপৰীতে ৰোহিত ৪৩টা শতকৰে তৃতীয় স্থানত আছে।

শচীন-ৰোহিত

পঢ়িবলৈ ক্লিক কৰক

পেইন কিলাৰ মছলা