সোৱাদত তিতা কেৰেলাত স্বাস্থ্যৰ বাবে মিঠা গুণ

২১ ছেপ্টেম্বৰ, ২০২৪

TV9 ASSAM

সোৱাদত তিতা হ’লেও তিতা কেৰেলা পুষ্টিৰ দিশৰ পৰা যথেষ্ট উপকাৰী। সেয়ে তিতা কেৰেলা ৰান্ধি খোৱাৰ লগতে পাৰিলে জুচ বনায়ো খাব লাগে।

পুষ্টিৰ আধাৰ

দৈহিক পুষ্টিৰ লগতে তিতা কেৰেলা বহু ৰোগৰ ক্ষেত্ৰতো উপকাৰী হিচাপে বিবেচিত হয়। চাওঁ আহক ইয়াত পোৱা পুষ্টিকৰ উপাদান আৰু উপকাৰিতাৰ বিষয়ে।

তিতা কেৰেলাৰ গুণ

ভিটামিন চি তিতা কেৰেলাত অধিক পৰিমাণে পোৱা যায়, সেয়েহে ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু ছালৰ বাবেও উপকাৰী।

কি ভিটামিন বেছি

ভিটামিন চিৰ বাহিৰেও বি ৬, মেগনেছিয়াম, আইৰণ, কেলচিয়াম, পটাছিয়াম, আৰু ডায়েটাৰী ফাইবাৰ আদি বহুতো পুষ্টিকৰ উপাদান তিতা কেৰেলাত পোৱা যায়।

পুষ্টিকৰ উপাদান

তিতা কেৰেলা নিম্ন গ্লাইচেমিক সূচকৰ অন্তৰ্ভুক্ত পাচলি। সেয়েহে তেজত চেনি অধিক থকা ডায়েবেটিছ ৰোগীৰ বাবে তিতা কেৰাহী যথেষ্ট উপকাৰী।

ডায়েবেটিছত সহায়ক

তিতা কেৰেলাত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। ইয়াৰ দ্বাৰা হজম শক্তি উন্নত হয়। সেয়েহে ই কোষ্ঠকাঠিন্যৰ দৰে সমস্যাতো সকাহ দিয়ে।

হজম শক্তি উন্নত কৰে

তিতা কেৰেলাত বহুতো খনিজ পদাৰ্থ আৰু ভিটামিন থাকে যিবোৰ হৃদযন্ত্ৰৰ বাবে উপকাৰী, সেয়েহে ইয়াৰ দ্বাৰা হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰি।

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে

পঢ়িবলৈ ক্লিক কৰক

পুৱা সোনকালে উঠাৰ সুফল