দীঘল আৰু ঘন চুলিৰ বাবে এনেদৰে ব্যৱহাৰ কৰক এলোভেৰা

22 December, 2024 

TV9 ASSAM

সকলোৱে বিচাৰে ক'লা আৰু ঘন চুলি। কিন্তু বিভিন্ন কাৰণত চুলিৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। ইয়াৰ বাবে বিভিন্নজনে বহু উপায়ো অৱলম্বন কৰে।

ক'লা আৰু ঘন চুলি

এলোভেৰাৰ বহু গুণ আছে। ই ছালৰ লগতে চুলিৰ বাবে উপকাৰী। এলোভেৰাই চুলি সৰা সমস্যা কম কৰাৰ লগতে চুলি ঘন, ক'লা আৰু মজবুত কৰাত সহায় কৰে।

এলোভেৰা

কিন্তু কিছুমান এনে বস্তু আছে যি এলোভেৰাৰ সৈতে মিহলাই চুলিত লগালে ভাল ফল পোৱা যায়। কেৱল এলোভেৰা নলগাই কিছু সামগ্ৰীৰ মিশ্ৰণ লগালে বেছি উপকাৰিতা পোৱা যায়।

মিশ্ৰণ

এলসীৰ বীজ অলপ পানীত উতলাই লওক। তাৰ পাছত তাত এলোভেৰা জেল মিহলাই দিয়ক। পাছত তিয়াই থোৱা ৰিথাৰ বীজৰ পেষ্ট বনাও আৰু আটাইকেইবিধ সামগ্ৰী মিহলাই চেম্পুৰ দৰে ব্যৱহাৰ কৰিব পাৰে।

চেম্পু

এলোভেৰাৰ লগতে কণীও চুলিৰ বাবে উপকাৰী। এই দুইবিধ বস্তু সপ্তাহত এদিনকৈ চুলিত লগাতে আপুনি কম সময়ৰ ভিতৰতে লাভ দেখা পাব। ইয়াৰ ফলত চুলি ধুনীয়া,কোমল হৈ পৰিব।

কণী

এলোভেৰাৰ লগতে মেথী গুটিও চুলিৰ বাবে ভাল। মেথী গুটিৰ পেষ্ট বনাই এলোভেৰাৰ সৈতে মিশ্ৰণ এটা তৈয়াৰ কৰি লওক। পাছত হেয়াৰ মাস্কৰ দৰে সপ্তাহত এদিন চুলিত লগাব পাৰে।

মেথী

এলোভেৰা জেল আৰু পিয়াজৰ এটা মিশ্ৰণ তৈয়াৰ কৰি চুলিত লগাব পাৰে। ইয়াৰ ফলত চুলি ক'লা, ঘন, মজবুত হোৱাৰ লগতে চুলি সৰা সমস্যা কম হয়।

পিয়াজ

পঢ়িবলৈ ক্লিক কৰক 

শীতকালত ছালত ঘিউ লগালে কি হয়?