TV9 ASSAM
প্ৰেমানন্দ মহাৰাজৰ মতে, মন পচন্দৰ জীৱনসংগী পাবলৈ আধ্যাত্মিক সাধনা, বিশ্বাস আৰু ধৈৰ্য্যৰ প্ৰয়োজন। এই সন্দৰ্ভত তেওঁ কিছুমান বিশেষ পৰামৰ্শ আগবঢ়ায়।
প্ৰেমানন্দ মহাৰাজে কৈছে, এজন ব্যক্তিৰ জন্মৰ আগতেই ঈশ্বৰে সিদ্ধান্ত লয় যে তেওঁৰ কাৰ লগত বিয়া হ'ব। সেয়ে এই বিষয়ে বেছি চিন্তাৰ প্ৰয়োজন নাই। কাৰণ দম্পতী ওপৰৰ পৰাই ঠিক হৈ আহে।
যদি আপুনি ভগৱান ভক্ত জীৱন সংগী বিচাৰে তেন্তে ভগৱানৰ প্ৰতি নিজৰ ভক্তি আৰু বিশ্বাস দৃঢ় কৰক। তেতিয়া আপোনাৰ ইচ্ছা অনুসৰি সংগী পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
প্ৰেমানন্দ মহাৰাজৰ মতে, আজিৰ যুৱক-যুৱতীসকলৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা চৰিত্ৰহীনতাক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কৈছে যে, এজন পবিত্ৰ আৰু ধৰ্মনিষ্ঠ জীৱনসংগী বিচাৰি পোৱাটো ঈশ্বৰৰ কৃপাৰ ওপৰত নিৰ্ভৰশীল।
সকলোৰে বাবে উপযুক্ত সময় আছে। ঈশ্বৰে নিৰ্ধাৰণ কৰা সময়তহে এজন ব্যক্তিয়ে নিজৰ জীৱনসংগী পায়। সেইবাবে ধৈৰ্য্য ধৰিব লাগে।
প্ৰেমানন্দ মহাৰাজৰ মতে, এজন ভাল জীৱনসংগী পাবলৈ নিজে শুদ্ধ কৰ্ম কৰি ধৰ্মীয় জীৱন যাপন কৰাটো জৰুৰী।
যেতিয়া সঠিক সময় আহিব তেতিয়া নিশ্চয় ঈশ্বৰে লোৱা সিদ্ধান্ত অনুযায়ী জীৱনসংগী পাব। গতিকে ধৈৰ্য্য ধৰি ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক।
চাবলৈ ক্লিক কৰক