3 Nov 2024
TV9 ASSAM
সাংঘাতিক বায়ু প্ৰদূষণৰ সন্মুখীন হৈছে পাকিস্তান । পাকিস্তানত বায়ু প্ৰদূষণৰ বাবে প্ৰাথমিক বিদ্যালয় বন্ধ ৰখাৰ কথা ঘোষণা কৰা হৈছে।
চৰকাৰে পঞ্জাৱ প্ৰদেশ আৰু লাহোৰৰ পঞ্চম শ্ৰেণীলৈকে সকলো বিদ্যালয় এসপ্তাহৰ বাবে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।
লাহোৰত বায়ুৰ প্ৰদূষণ বিপদজনক মাত্ৰালৈ বৃদ্ধি পাইছে। ইয়াৰ বাবেই বাসিন্দাসকলৰ বিশেষকৈ শিশুসকলৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে।
প্ৰাদেশিক মন্ত্ৰী মেৰিয়াম ঔৰংজেৱে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিদ্যালয় বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে ।
লাহোৰ ধাৰাবাহিকভাৱে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ ভিতৰত স্থান লাভ কৰিছে। ইয়াৰ বাবেই কৰ্তৃপক্ষই এই ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছে।
এই সময়ছোৱাত শিশুক ঘৰৰ ভিতৰতে ৰখাৰ বাবে অভিভাৱকসকলক আহ্বান জনাইছে চৰকাৰী কৰ্তৃপক্ষই ।
বাহিৰলৈ ওলাই যোৱাৰ সময়ত মাস্ক পিন্ধাৰ লগতে স্থানীয় লোকসকলক অধিত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে ।
পঢ়িবলৈ ক্লিক কৰক