TV9 ASSAM
আমাৰ দেশতে আছে এনে এক বিশেষ চহৰ, যিখন চহৰত আমিষ খাদ্যৰ ওপৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
আমিষ খাদ্য সম্পূৰ্ণৰূপে নিষিদ্ধ এই চহৰখনৰ নাম পালিতানা। গুজৰাটৰ ভৱনগৰ জিলাত অৱস্থিত এই আমিষ চহৰখন।
পালিতানাত মাংসৰ বাবে জীৱ-জন্তু হত্যা, মাংস বিক্ৰী আৰু সেৱন কৰাটো অপৰাধ বুলি ঘোষণা কৰা হৈছে। ইয়াত আমিষ খাদ্যৰ বিক্ৰী নিষিদ্ধ।
ইয়াত মাংসৰ বাবে জীৱ-জন্তু হত্যা আৰু মাংস বিক্ৰী কৰাটো সম্পূৰ্ণ অবৈধ। এই নিয়ম ভংগ কৰিলে শাস্তিৰ ব্যৱস্থা আছে।
জৈন ধৰ্মৰ অনুগামীসকলৰ বাবে পালিতানা অন্যতম পবিত্ৰ তীৰ্থস্থান। পালিতানাক জৈন মন্দিৰ চহৰ উপনামেৰেও জনা যায়।
পালিতানাত ৮০০ৰো অধিক মন্দিৰ আছে। ইয়াৰে আটাইতকৈ বিখ্যাত হৈছে আদিনাথ মন্দিৰ। এই মন্দিৰসমূহত ভক্তৰ যথেষ্ট সমাগম হয়।
প্ৰায় ২০০ জৈন সন্ন্যাসীৰ প্ৰতিবাদৰ পিছত ২০১৪ চনত চৰকাৰে পালিতানাত জীৱ-জন্তু হত্যা কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।
পঢ়িবলৈ ক্লিক কৰক
খেলৰত্ন বঁটাৰ সৈতে কিমান ধন লাভ কৰিব খেলুৱৈসকলে!