৫ আগষ্ট, ২০২৪
TV9 ASSAM
চলিত পেৰিছ অলিম্পিকত প্ৰতিদিনে গঢ় লৈছে নতুন অভিলেখ, পিছে সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বহু বিতৰ্কও।
পেৰিছ অলিম্পিকত স্বৰ্ণ জয় কৰা থমাছ চেকনক পেৰিছৰ এখন পাৰ্কত মাটিতে শুই থকা অৱস্থাত দেখিবলৈ পোৱা গৈছে।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এখন ছবিত চেকনক মাটিত এখন বগা টাৱেল পাৰি তাতে শুই থকা দেখা গৈছে।
পেৰিছ অলিম্পিক গেমছ ভিলেজৰ কোঠাত এচি নথকাৰ বাবে গৰমে দহিছে খেলুৱৈক। গৰমৰ বাবেই এইদৰে পাৰ্কত শুলে চেকন।
শেহতীয়াকৈ চেকনে পেৰিছ অলিম্পিক গেমছ ভিলেজত খেলুৱৈসকলৰ বাবে কৰা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।
ইটালীৰ সাঁতোৰবিদ চেকনে পেৰিছ অলিম্পিকৰ ১০০ মিটাৰ বেকষ্ট্ৰ’ক ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে।
পঢ়িবলৈ ক্লিক কৰক
ধোনীৰ সৈতে কোন এইগৰাকী আৰক্ষী বিষয়া!