গীতাত লুকাই আছে মনু ভাকৰৰ অলিম্পিক পদকৰ ৰহস্য!

28 July 2024

 TV9 Assam

পেৰিছ অলিম্পিক ২০২৪ত ভাৰতৰ পদক জয়ৰ যাত্ৰা আৰম্ভ হৈছে। ভাৰতৰ হৈ শ্বুটাৰ মনু ভাকৰে জিকিলে প্ৰথমটো পদক।

 ভাৰতৰ পদক জয়

শ্বুটাৰ মনু ভাকৰে পেৰিছ অলিম্পিক ২০২৪ৰ ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰিছে

শ্বুটাৰ মনু ভাকৰ

মনু ভাকৰে শ্বুটিঙত  অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে এক অনন্য ইতিহাসৰ পাতনি মেলিছে

 শ্বুটিঙত অলিম্পিক বিজয়ী প্ৰথমগৰাকী মহিলা

মনু ভাকৰে ফাইনেলত মুঠ ২২১.৭ পইণ্ট অৰ্জন কৰিছিল। কোৰিয়াৰ অ’হ য়ে জিনে ২৪৩.২ পইণ্টৰ সৈতে স্বৰ্ণ জয় কৰে আৰু কোৰিয়াৰ কিম য়েজীয়ে ৰূপৰ পদক লাভ কৰে।

ফাইনেলৰ প্ৰদৰ্শন

পদক জয় কৰাৰ পাছত জিঅ' চিনেমাৰ সৈতে কথা পাতি মনু ভাকৰে কয়, "মই গীতা বহুত পঢ়ো, মোৰ লক্ষ্য কেৱল প্ৰক্ৰিয়াটোত থাকে, ফলাফলৰ ওপৰত নহয়। শেষৰ সময়তো মোৰ মনত এইটোৱেই চলি আছিল।"

মনু ভাকৰৰ ৰহস্য

এয়া মনু ভাকৰৰ দ্বিতীয় অলিম্পিক। ইয়াৰ আগতে টকিঅ' অলিম্পিকত মনুৰ পিষ্টল বেয়া হৈছিল। তেতিয়া মনুৱে মাত্ৰ ১৪টা শ্বট লগাব পাৰিছিল আৰু চূড়ান্ত দৌৰৰ পৰা বাহিৰ হৈছিল।

মনু ভাকৰৰ দ্বিতীয় অলিম্পিক

মনু ভাকৰে যোৱা ৭ বছৰ ধৰি শ্বুটিঁং কৰি আছে। তেওঁ কমনৱেলথ গেমছতো সোণৰ পদক জিকিছে আৰু ISSF বিশ্বকাপতো দুটা পদক জিকিছে।

 শক্তিশালী খেল অব্যাহত

 স্বাস্থ্যকৰ খাদ্যৰে কৰক  দিনটো আৰম্ভণি

চাবলৈ ক্লিক কৰক