১৩ জুলাই, ২০২৪
TV9 ASSAM
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৬৬৪খন মেচ খেলাৰ অভিলেখ আছে শচীন তেণ্ডুলকাৰৰ নামত। এই দীঘলীয়া কেৰিয়াৰত তেওঁ মুঠ ৩৪৩৫৭ ৰাণ সংগ্ৰহ কৰে।
আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৬৫২ খন মেচ খেলি মাহেলা জয়াৱৰ্ধনেই মুঠ ২৫৯৫৭ ৰাণ সংগ্ৰহ কৰে।
কুমাৰ ছাংগাকাৰাই আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত মুঠ ৫৯৪খন মেচ খেলিছিল। এই সময়ছোৱাত ছাংগাকাৰাই ২৮০১৬ ৰাণ সংগ্ৰহ কৰে।
শ্ৰীলংকাৰ হৈ মুঠ ৫৮৬খন মেচ খেলিছিল সনথ জয়সূৰ্যই। কেৰিয়াৰত তেওঁ ২১০৩২ ৰাণ সংগ্ৰহ কৰিছিল।
আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৰিকি পণ্টিঙে মুঠ ৫৬০খন মেচ খেলিছিল। কেৰিয়াৰত পণ্টিঙে ২৭৪৮৩ ৰাণ সংগ্ৰহ কৰে।
ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীয়ে ভাৰতৰ হৈ মুঠ ৫৩৮খন মেচত ১৭২৬৬ ৰাণ সংগ্ৰহ কৰে।
আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত বিৰাট কোহলীয়ে এই পৰ্যন্ত ৫৩০খন মেচ খেলিছে। এইপৰ্যন্ত তেওঁৰ নামত আছে ২৬৮৮৪ ৰাণ।
পাকিস্তানৰ হৈ শ্বাহিদ আফ্ৰিদীয়ে ৫২৪খন মেচ খেলিছিল। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত আফ্ৰিদীয়ে ১১১৯৬ ৰাণ সংগ্ৰহ কৰাৰ লগতে ৫৪১টা উইকেট দখল কৰে।
দক্ষিণ আফ্ৰিকাৰ হৈ জেক কালিছে ৫১৯খন মেচ খেলি ২৫৫৩৪ ৰাণ সংগ্ৰহ কৰাৰ লগতে ৫৭৭টা উইকেটো দখল কৰে।
ৰাহুল দ্ৰাবিড়ে নিজৰ কেৰিয়াৰত মুঠ ৫০৯খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ২৪২০৮ ৰাণ সংগ্ৰহ কৰে।
পঢ়িবলৈ ক্লিক কৰক
নাম সলনি কৰা বিশ্বৰ ৬ খন দেশ, তালিকাত আছে ভাৰতৰ চুবুৰীয়া দেশো