পিএম কিষাণ যোজনাৰ ১৮তম কিস্তি মুকলি

৫ অক্টোবৰ, ২০২৪

TV9 ASSAM

প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত প্ৰতি বছৰে যোগ্য কৃষকক তিনিটা কিস্তিত ৬০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়।

আঁচনিৰ সুবিধা

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিৰ ১৮তম কিস্তি মুকলি কৰে। ইয়াৰ লগে লগে প্ৰতিজন যোগ্য কৃষকৰ একাউণ্টত ২০০০ টকা জমা হয়।

১৮ নং কিস্তি

যিসকল কৃষক পৰিয়ালসমূহৰ খেতিযোগ্য মাটি আছে তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব। ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলো হ’ব উপকৃত।

হিতাধিকাৰীৰ যোগ্যতা

কৃষকসকলে পি এম কিষাণৰ ৱেবছাইটত গৈ ৰাজ্য, জিলা আৰু গাঁও অনুযায়ী যোগ্যতা পৰীক্ষা কৰিব পাৰিব।

যোগ্যতা পৰীক্ষা

আঁচনিৰ সুবিধা অব্যাহত ৰাখিবলৈ কৃষকসকলে তেওঁলোকৰ eKYC আপডেট কৰাটো বাধ্যতামূলক।

eKYC আপডেট

কৃষকসকলে অ’টিপি, বায়’মেট্ৰিক বা মুখৰ প্ৰমাণীকৰণৰ (face authentication) জৰিয়তে ইকেৱাইচি আপডেট কৰিব পাৰে।

কিদৰে কৰিব আপডেট

এই আঁচনিৰ অধীনত ইয়াৰ পূৰ্বৰ কিস্তি ১৮ জুনত মুকলি কৰা হৈছিল। এই কিস্তিতো হিতাধিকাৰীসকলে ২০০০ টকাৰ সাহায্য লাভ কৰিছিল।

বিগত কিস্তি

পঢ়িবলৈ ক্লিক কৰক

ৰে’লতো পাব এতিয়া প্ৰিয় খাদ্য