TV9 ASSAM
আজি বিশ্ব বন্যপ্ৰাণী দিৱস। এই বিশেষ দিনটোত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
ৰাষ্ট্ৰীয় উদ্যানত বিশেষ ৰূপত দেখা গ'ল প্ৰধানমন্ত্ৰীক। মূৰত হেট, হাতত কেমেৰা লৈ সেনাৰ প্ৰিণ্টৰ পোছাকত হাতী ছাফাৰীও কৰিলে প্ৰধানমন্ত্ৰীয়ে।
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে নিজৰ কেমেৰাত বন্দী কৰিলে এছিয়ান সিংহৰ ফটো।
প্ৰজেক্ট লায়নৰ অধীনত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে চৰকাৰে ২৯০০ কোটি টকা বিনিয়োগ কৰে।
প্ৰধানমন্ত্ৰী সভাপতিত্বত অনুষ্ঠিত হ’ব গিৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ মুখ্য কাৰ্যালয় ছাছান গিৰত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ সপ্তমখন বৈঠক।
বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, বন্যপ্ৰাণী সংৰক্ষণৰ কাম কেৱল কোনো এখন দেশৰে দায়িত্ব নহয়, বৰঞ্চ ই এক বিশ্বমুখী বিষয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে, বিশ্বৰ প্ৰতিটো প্ৰজাতিৰ নিজস্ব গুৰুত্বপূৰ্ণ ভূমিকা আছে।
চাবলৈ ক্লিক কৰক