প্ৰধানমন্ত্ৰী মোদীয়ে  গঢ়িলে নতুন অভিলেখ

২২ আগষ্ট, ২০২৪

 TV9 ASSAM

নৰেন্দ্ৰ মোদী আটাইতকৈ দীঘলীয়া সময়ৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত থকা ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। এতিয়া তেওঁ আন এটা অভিলেখ গঢ়িছে।

 নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ৭৮তম স্বাধীনতা দিৱসত লালকিল্লাত ৯৮ মিনিটৰ ভাষণ প্ৰদান কৰে। এইটো তেওঁৰ নিজৰ ওপৰতে গঢ়া অভিলেখ।

নতুন অভিলেখ

ইতিহাসত এয়া প্ৰথমবাৰৰ বাবে হৈছে যেতিয়া দেশৰ প্ৰধানমন্ত্ৰীয়ে ইমান দীঘলীয়া ভাষণ দিছিল। তেওঁ নিজৰে ৰেকৰ্ড ভংগ কৰিছে।

নিজৰে ৰেকৰ্ড ভংগ

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৬ চনত ৯৬ মিনিটৰ আটাইতকৈ দীঘলীয়া ভাষণ দিছিল। ২০১৭ চনত তেওঁ ৫৬ মিনিটৰ আটাইতকৈ চুটি ভাষণ দিছিল।

আটাইতকৈ চুটি ভাষণ

মোদীৰ আগত আটাইতকৈ দীঘলীয়া ভাষণৰ ৰেকৰ্ড প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু আই কে গুজৰালৰ হাতত আছিল।

  কোনজন প্ৰধানমন্ত্ৰীক পিছ পেলাইছে?

প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১৯৪৭ চনত তেওঁৰ দীৰ্ঘতম ভাষণ দিছিল। সেয়া আছিল ৭২ মিনিট দীঘলীয়া।

 জৱাহৰলাল নেহৰুৰ ভাষণ

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দৰ কুমাৰ গুজৰালৰ ৭১ মিনিটৰ ভাষণকো আটাইতকৈ দীঘলীয়া ভাষণত অন্তৰ্ভুক্ত কৰা হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে এই অভিলেখো ভংগ কৰে। 

ইন্দৰ কুমাৰ গুজৰাল

পঢ়িবলৈ ক্লিক কৰক 

ভোক নিয়ন্ত্ৰণৰ  উপায়