আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি  

২১ ছেপ্টেম্বৰ ২০২৪

 TV9 ASSAM

 তিনিদিনীয়া  ভ্ৰমণসূচীৰে আমেৰিকাৰ ফিলাডেলফিয়াত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

 প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণ

প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ বাবে ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাট্ৰা আৰু নিউয়ৰ্কত ভাৰতৰ কনচুলেট জেনেৰেল বিনয় শ্ৰীকান্ত প্ৰধানো বিমানবন্দৰত উপস্থিত আছিল।

প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি

আমেৰিকাত প্ৰবাসী ভাৰতীয় শিশুসকলে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱাৰ বাবে সুন্দৰ চিত্ৰ অংকন কৰিছিল, যিবোৰ প্ৰধানমন্ত্ৰীয়ে অতি মৰমেৰে চাইছিল।

চিত্ৰ অংকন

আমেৰিকাৰ বিভিন্ন চহৰৰ প্ৰবাসী ভাৰতীয়সকলে প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ ফিলাডেলফিয়া বিমানবন্দৰত উপস্থিত হৈছিল

প্ৰবাসী ভাৰতীয়ৰ  উৎসাহ

প্ৰধানমন্ত্ৰীক চাবলৈ  বিমানবন্দৰত বহু লোকে ভিৰ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে হাত মিলাই জনসাধাৰণক শুভেচ্ছা জনাইছিল।

প্ৰধানমন্ত্ৰীয়ে জনালে অভিবাদন

৩ দিনীয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ডেলাৱেৰত অনুষ্ঠিত কোৱাড লিডাৰ্ছ সন্মিলন আৰু নিউয়ৰ্কত ৰাষ্ট্ৰসংঘত 'ভৱিষ্য কে শিখৰ' সন্মিলনত অংশগ্ৰহণ কৰিব।

কোৱাড সন্মিলনত অংশগ্ৰহণ 

অত্যাধিক গৰমত কিদৰে  নিজক সুৰক্ষিত ৰাখিব?

চাবলৈ ক্লিক কৰক