পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা অভয়াৰণ্য

14 Oct 2024

TV9 ASSAM

কাজিৰঙাৰ পাছতে ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ'ল মৰিগাঁও জিলাত অৱস্থিত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য ।

পবিতৰা বন্যপ্ৰাণী

১৪ অক্টোবৰ আজি বন্যপ্ৰাণী অভয়াৰণ্যখন আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী পীযুষ হাজৰিকা ।

মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

বাৰিষাৰ সময়ছোৱাত বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত বন্ধ হৈ আছিল পবিতৰা । সামগ্ৰিক সুৰক্ষাৰ স্বাৰ্থত এই সময়ছোৱাত অভয়াৰণ্যখনৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি ৰাখে কৰ্তৃপক্ষই ।

বাৰিষাৰ সময়ছোৱাত বন্ধ থাকে

বাৰিষা যোৱা লগে লগে ফিটা কাটি পৰ্যটকৰ বাবে পবিতৰাৰ প্ৰৱেশদ্বাৰ মুকলি কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

প্ৰৱেশদ্বাৰ মুকলি 

অভয়াৰণ্যখন মুকলি কৰাৰ উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে মায়ঙৰ ৰজা তৰনিকান্ত সিংহ কোৱৰ, জাগীৰোড সম জিলাৰ আয়ুক্ত বিমান দাস আৰু বন বিভাগৰ বিষয়াসকল।

কোন কোন উপস্থিত থাকে ?

এই অভয়াৰণ্যখন সাধাৰণতে এশিঙীয়া গঁড়,বন গাহৰি, বনৰীয়া ম'হ, হৰিণ, নাহৰফুটুকী বাঘ, উলুম'ৰা, কাছ, সাপ আদিৰ বাসস্থান ।

এশিঙীয়া গঁড়

অক্টোবৰ মাহৰ পৰা পবিতৰালৈ বহুতো পৰিভ্ৰমী হাঁহৰ আগমন হোৱা দেখা যায় ।  অভয়াৰণ্যখনৰ জৈৱ-বৈচিত্ৰতাই প্ৰতিবছৰে পৰ্যটকক আকৰ্ষণ কৰি আহিছে ।

পৰিভ্ৰমী হাঁহ

পঢ়িবলৈ ক্লিক কৰক

ভাষা গৌৰৱ সপ্তাহ পালন কৰিব অসমে