লাই শাকৰ সৈতে গাহৰি মাংস ৰন্ধা পদ্ধতি

21 Oct 2024

TV9 ASSAM

লাই শাকৰ সৈতে গাহৰি মাংসৰ আঞ্জাৰ সোৱাদেই সুকীয়া । অসমৰ জনগোষ্ঠীয় সমাজত লাই আৰু গাহৰি মাংসৰ আঞ্জা খুবেই জনপ্ৰিয় ।

জনপ্ৰিয়তা

লাই শাক আৰু গাহৰি মাংস ৰান্ধিবলৈ বৰ বেছি মছলাৰ প্ৰয়োজন নাই । আমাৰ জনগোষ্ঠীয় সমাজত প্ৰায়ে মছলা কম ব্যৱহাৰ কৰা হয় ।

মছলাৰ প্ৰয়োজনীয়তা

 লাই শাক আৰু গাহৰি মাংস ৰান্ধিবলৈ লাই শাক, গাহৰি মাংস, আলু, পিয়াঁজ, নহৰু, আদা, জলকীয়া, নিমখ, হালধিৰ প্ৰয়োজন।

কি কি লাগিব ?

আপুনি যদি ইচ্ছা কৰে তেন্তে প্ৰয়োজন অনুসৰি মিট মছলা আৰু ৰঙা জলকীয়া গুৰি দিব পাৰে। কিন্তু এই আঞ্জাৰ প্ৰকৃত সোৱাদ ল'বলৈ মছলা প্ৰয়োগ নকৰাই ভাল ।

মছলা দিব পাৰে ? 

প্ৰথমে জুইত কেৰাহীখন গৰম হ'বলৈ দিব । ইয়াৰ পাছত প্ৰয়োজন অনুসৰি মিঠাতেল দিব পাৰে । তেল নিদিয়াকৈও লাই-গাহৰিৰ আঞ্জা ৰান্ধিব পাৰে ।

মিঠাতেল

গৰম তেলত পিয়াঁজখিনি দি ৰঙচুৱা হ'বলৈ দিব আৰু তাৰ পাছত গাহৰি মাংসখিনি দি দিব । প্ৰয়োজন অনুসৰি নিমখ দি অলপ সময় ভাজিব ।

পিয়াঁজ

ইয়াৰ পাছত হালধি,আদা-নহৰুৰ খুন্দি থোৱা মিশ্ৰণখিনি দি অলপ ভাজিব। শেষত লাই শাক দিয়াৰ পাছত জুই কম কৰি ঢাকি দিব । প্ৰয়োজন হ'লে কুহুমীয়া গৰম পানী দিব পাৰে ।

শেষত কি কৰিব ?

পঢ়িবলৈ ক্লিক কৰক

কৰ্কট ৰোগৰ প্ৰথম লক্ষণ